Guwahati Cp Pressmeet :মহানগৰত ভুৱা কল চেন্টাৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ মাৰাথন অভিযান

ক্ৰাইম বাঞ্চৰ অভিযানক লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল, প্ৰাক্তন আই এ এছ বিষয়া আতিকা চুলতানাৰ ঘৰত আৰক্ষী অভিযান, বিষয়া গৰাকীৰ পুত্ৰ তছদিকুৰ ৰহমান ভুৱা কল চেন্টাৰৰ মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত,পলাতক তছদিকুৰ ৰহমান

ghy cp

Guwahati Cp Pressmeet :

মহানগৰীত কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ কল চেন্টাৰে ৰাইজক আভুৱা ভৰি চলাই আহিছে লুন্ঠন ৷ ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে সময়ে সময়ে পোৱা অভিযোগৰ ভিত্তিত শুক্ৰবাৰে পুৱাৰে পৰা মহানগৰ আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে মহানগৰীৰ আঠটা স্থানত চলাই অভিযান ৷

ইতিমধ্যে আৰক্ষীয়ে অভিযানত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনে আৰক্ষীয়ে ৷ গুৱাহাটীৰ কেতবোৰ কল চেন্টাৰৰ লগতে ৰাজগড়ৰ এটা কলচেন্টাৰত চলিছে এই অভিযান।

উল্লেখ্য যে , উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা পৰিচালিত হোৱা ৰাজগড়ৰ কল চেণ্টাৰটোৰ স’তে নাম সাঙোৰ খাইছে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান।

বৃহস্পতিবাৰে নিশা ভাগত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ প্ৰাক্তন আই এএছ বিষয়া গৰাকীৰ গান্ধীবস্তুিৰ বাসগৃহ শুভম এপাৰ্টমেন্টত অভিযান চলাইছিল যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে তছদিকুৰ ৰহমান ৷

আৰক্ষীৰ এই মাৰাথন অভিযান সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি উল্লিখিত মন্তব্য সদৰি কৰে ৷

আয়ুক্ত গৰাকীয়ে কয় , ভুৱা কল চেন্টাৰৰ কাণ্ডাৰী তথা অভিযুক্ত সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰাই মহানগৰীৰ গনেশগুৰি, জু-ৰোড, বামুণীমৈদাম,ৰাজগড়,গান্ধীবস্তী,বৰবাৰী সহ আঠ স্থানত অভিযান চলিছিল আৰক্ষী- ক্ৰাইম বাঞ্চৰ ৷

১৫ টা বিশেষ টিমৰ ২০০ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰে ২৫০ জন চাইবাৰ অভিযুক্তক ৷

আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে,ৰাজগড়ৰ কল চেন্টাৰটোৰ কোনো নাম নাছিল ৷ ২১ গৰাকী কৰ্মচাৰীৰ ভিতৰত অসমীয়া কৰ্মচাৰী আছিল তিনি গৰাকী ৷ আন সকল আছিল উত্তৰ ভাৰতৰ কে’বা খনো ৰাজ্যৰ।

উল্লেখ্য যে, অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ ভুৱা কল চেণ্টাৰ সমূহ ৷ আৰক্ষীয়ে চাইবাৰ অভিযুক্তৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ হ’ব বুলি সদৰি কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

Exit mobile version