SI Karabi Saikia Suspensionb In Mangaldoi:খাকী পোচাকত আকৌ কলংক !

কৰ্তব্যত গাফিলতি কৰি নিলম্বন মঙলদৈ সদৰ থানাৰ এছ আই কৰবী শইকীয়া

si arrested

SI Karabi Saikia Suspension In Mangaldoi:

অসম আৰক্ষীৰ পোচাকত পুনৰ কলংক ৷ সততে বিতৰ্কৰ মাজত থকা মঙলদৈ সদৰ থানাৰ এছআই কৰবী শইকীয়াক কৰ্তব্যত গাফিলতি, সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ কৰাৰ অভিযোগত মঙলদৈ আৰক্ষী অধীক্ষকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ৷

উল্লেখ্য যে,নিলম্বিত এছ আই কৰবী শইকীয়াই ধূলাত কৰ্মৰত হৈ থকাৰ সময়ত সহকৰ্মী আৰু জনতাক বেয়া ব্যৱহাৰ কৰাৰ লগতে উৎকোচ লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ পৰৱৰ্তী সময়ত ৰাইজৰ ৰোষত পৰি মঙলদৈ লৈ বদলি হ’বলগীয়া পৰিবেশৰ সৃষ্টি হয়।

মনকৰিবলগীয়া যে কিছুদিন পূৰ্বে প্ৰাক্তন সেনা বিষয়া এজনৰ গোচৰ সমন্ধীয় বিষয় এটাক লৈ বিষয়াজনৰ দুব্যৱহাৰ কৰিছিল ৷ যাৰবাবে প্ৰাক্তন সেনা বিষয়াজনে সমস্ত বিষয়টো এছ পিক অৱগত কৰিছিল লিখিতভাৱে ৷

উদ্থাপিত অভিযোগ অনুসৰি সেনা বিষয়া জনৰ গোচৰটোত চৰম গাফিলতি কৰিছিল এছ আই কৰবী শইকীয়াই ৷ সেনা বিষয়াজন অভিযোগ আৰু কেতবোৰ অভিযোগৰ ভিত্তিত মতগৰ্ব্বী এছ আই কৰবী শইকীয়াক তৎকালেই কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে মঙলদৈ এছ পিয়ে ৷

Exit mobile version