Artificial Flood In Nagaon Medical College & Hospital:স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলা নগাঁও মেডিকেল কলেজত কৃত্ৰিম বান

কলেজৰ চৌহদত একাঠু পৰ্যন্ত পানী, দেখা দিছে বিদ্যুতৰ সমস্যাই, এবছৰে নিৰ্মাণ হৈ নুঠিল নলা, কুম্ভকৰ্ণ নিদ্ৰাত কলেজ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতি

nmch 1

Artificial Flood In Nagaon Medical College & Hospital:

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱৰ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খন ডুবি আছে কৃত্ৰিম বানত

এজাক মুষলধাৰ বৰষুণ দিলেই কলেজ খনৰ চোতাল আৰু প্ৰৱেশদ্বাৰত একাঠু পৰ্যন্ত পানী হোৱাটো নিত্যনৈমিত্তিকত পৰিণত হৈছে ৷

বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কলেজ খনৰ চোপাশ হৈ পৰে জলমগ্ন ৷ যাৰবাবে কলেজৰ শিক্ষাৰ্থী আৰু ৰোগী অহা -যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আনকি একাংশ ৰোগীয়ে বাটৰ পৰা ঘূৰিব লগা হৈছে ঘৰলৈ ৷

ততাতৈয়াকৈ কলেজখন উদ্বোধন কৰা হ’ল যদিও এবছৰে পৰিকল্পিতভাৱে নলা- নৰ্দমা নবনোৱাৰ বাবেই এতিয়া এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় চিকিৎসা মহাবিদ্যালয়খনিৰ চৌপাশ ৷

উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ আবদ্ধ পানীভাগ বাহিৰলৈ ওলাই যাবলৈ কোনো ব্যৱস্হা নথকাত চৌহদ হৈ পৰিছে জলমগ্ন ৷  উদ্থাপিত অভিযোগ অনুসৰি চিকিৎসা মহাবিদ্যালয় খনৰ নলা নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ প্ৰতিষ্ঠানৰ চৰম হেমাহি আৰু অকমন্যতাই বাবেই কদৰ্যময় পৰিবেশ সৃষ্টি হৈছে কলেজ চৌহদত ৷

মন কৰিবলগীয়া যে ,মুল ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিজে পোনপটীয়াকৈ কাম নকৰি শেহতীয়াকৈ উপ-ঠিকাদাৰৰ জৰিয়তে কাম কৰিবলৈ দিয়াত নলা নিৰ্মাণত কৰি আহিছে বিলম্ব ৷ যাৰবাবে জীয়াতু ভূগিছে ৰোগী,চিকিৎসক আৰু চিকিৎসাকৰ্মী ৷

আনহাতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে চিকিৎসা মহাবিদ্যালয় খনত শেহতীয়াকৈ দেখা দিছে বিদ্যুতৰ সমস্যায়ো ৷ যধেমধে বিদ্যুত কৰ্তন হোৱাত বহু সমস্যাৰ সৃষ্টি হয় কলেজৰ বিভিন্ন কামকাজত ৷

তদুপৰি বিদ্যুতৰ সঘনাই ব্যাহত হ’লে নবজাতক শিশু ৰখা আই চি ইউত যিকোনো অঘটন নুই কৰিব নোৱাৰি ৷

সঘনাই হোৱা কৃত্ৰিম বান আৰু নিয়মীয়া বিদ্যুত যোগান সন্দৰ্ভত কলেজ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে শীৰ্ঘেই যথোপযুক্ত ব্যৱস্থা লোৱাটো বিচাৰিছে নগাঁৱৰ সচেতন মহলে ৷

Exit mobile version