Ganja Seized In Guwahati:ভাৰত পেট্ৰ’লিয়ামৰ ইন্ধন কঢ়িওৱা টেংকাৰৰ পৰা জব্দ বুজন পৰিমাণৰ গাঞ্জা

ganjaa seized

Ganja Seized In Guwahati:

মঙলবাৰে নিশা বশিষ্ঠ আৰু পল্টন বজাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় বুজন পৰিমাণৰ গাঞ্জা

গোপন খবৰৰ ভিত্তিত ভাৰত পেট্ৰ’লিয়ামৰ ইন্ধন কঢ়িওৱা এন এল-০১ এ এইছ-০৫০১ নম্বৰৰ টেংকাৰ এখনত অৰ্তকিতে তালাচী চলাই টেংকাৰ ভিতৰৰ পৰা জব্দ কৰে এক কোটি মূল্যৰ গাঞ্জা।

উল্লেখ্য যে,জব্দকৃত টেংকাৰ খন শিলচৰৰ পৰা বঙাইগাঁৱলৈ যোৱাৰ উদ্দেশ্যৰে মহানগৰীৰ ৰাজপথত বাহৰ পাতি আছিল ৷ কিন্ত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত টেংকাৰ সহ চালক আৰু হেণ্ডিমেনক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় উল্লিখিত পৰিমাণৰ গাঞ্জাখিনি ৷

ইতিমধ্যে আৰক্ষীয়ে আটকাধীন টেংকাৰ খনৰ চালক আৰু হেণ্ডিমেনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version