Ind Thrash Pak By 7 Wickets:বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয় টীম ইণ্ডিয়াৰ

india winner

Ind Thrash Pak By 7 Wickets:

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই চি চি বিশ্বকাপ ক্ৰিকেটৰ এদিনীয়া হাইভল্টেজ মেচত পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয় টীম ইণ্ডিয়াৰ ৷

বিশ্বকাপত জয়ৰ হেট্ৰিক ভাৰতৰ ৷ অস্ট্রেলিয়া, আফগানিস্তানৰ পাছত পাকিস্তানো পৰাভূত হ’ল ভাৰতৰ হাতত ৷

উল্লেখ্য যে,এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ভাৰতৰ ৷ ২০২৩ বিশ্বকাপতো ভাৰত জয়ৰ স্বপ্ন মষিমূৰ পাকিস্তানৰ

আনহাতে পাকিস্তানৰ বিৰুদ্ধে ৬৩টা বলত ৮৬ ৰান কৰি আউট হয় টীম ইণ্ডিয়াৰ কেপ্তেইন ৰোহিত শৰ্মা৷শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত ৩০০টা ছিক্স সম্পূৰ্ণ কৰে ৷

বিশ্বকাপত ভাৰতৰ বলিং বিক্ৰমত ৪২.৫ অ’ভাৰতে অলআউট হয় পাকিস্তান। ১৯১ ৰানতে পাকিস্তানে হেৰুৱালে আটাইকেইটা উইকেট। তাৰ বিপৰীতে ভাৰতে ১৭ অভাৰ এটা বল থাকোতেই চাৰি উইকেট হেৰুৱাই ৭ উইকেটত পৰাভূত কৰে পাকিস্তানী দলটোক ৷

Exit mobile version