Wild Elephant Attack:নেলী মকৰীয়াত কৰুণ ঘটনা !

হাতীৰ গচকত প্ৰাণ গ'ল যুৱকৰ

elephant attack 1

Wild Elephant Attack:

জাগীৰোডৰ নেলী পকৰাত শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ ৷ নিজ বাসগৃহত শুই থকা অৱস্থাতে হৰিপ্ৰসাদ মেধি নামৰ যুৱকজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰে ৷ বন্যহস্তীৰ গচকত থিতাতে মৃত্যু হয় দুৰ্ভগীয়া যুৱকজনৰ ৷

ইতিমধ্যে নেলী বনাঞ্চলিক বন বিভাগৰ দল আৰু নেলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে,সন্ধিয়া আৰু নিশা হ’লেই খাদ্যৰ সন্ধানত দাঁতি কাষৰীয়া পাহাৰৰ পৰা নামি অহা বন্যহস্তী জাঁকে ভৈয়ামত সৃষ্টি কৰে তাণ্ডৱলীলা ৷ ঘৰদুৱাৰ ভাঙি পেলোৱা লগতে ভড়ালৰ ধান খাই একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বনকৰ্মীয়ে লোৱা নাই কোনো সময়োপযোগী পদক্ষেপ ৷

যাৰবাবে ক্ষোভত ফাটি পৰিছে বৃহত্তৰ নেলীবাসী ৰাইজ ৷এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা জলসম্পদমন্ত্ৰী পীযুষ হাজৰিকাৰ হস্তক্ষেপ দাবী কৰে স্থানীয় ৰাইজে ৷

Exit mobile version