Guwahati Incident:মহানগৰীত পূজাৰ মাজতে সংঘটিত ভয়ংকৰ ঘটনা

চলন্ত উবেৰত ধৰ্ষণৰ বলি অৰুণাচলী যুৱতী

rape case in guwahati

Guwahati Incident:

আজি মহাষষ্ঠী আনন্দ উছাহৰ মাজতে মহানগৰীত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ চলন্ত উবেৰত ধৰ্ষণৰ বলি হয় অৰুণাচলৰ এগৰাকী যুৱতী ৷

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ অভিযোগ ,উবেৰ চালকে ধৰ্ষণ কৰে তেওঁক ৷ সদাব্যস্ত গণেশগুৰিৰ পৰা খ্ৰীষ্টানবস্তিলৈ গৈ থকা অৱস্থাতে গাড়ীৰ ভিতৰতে সংঘটিত হয় এই দুষ্কৰ্ম

ইতিমধ্যে ভুক্তভোগীৰ যুৱতীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ক্ষীপতাৰে অভিযান চলাই জু-ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত লম্পট মছলেম আলীক ৷

উল্লেখ্য যে,দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত ৷ আনহাতে ধৃত ধৰ্ষণকাৰী মছলেম আলীৰ ঘৰ দক্ষিণ কামৰূপৰ নগৰবেৰাত।

Exit mobile version