Cm Visit Haflong:হাফলঙত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১৮২ জন ডিএনএলএ কেডাৰৰ অস্ত্ৰ সম্বৰণ

ডিমা হাচাওৰ ৰাষ্টা- ঘাট উন্নয়নৰ বাবে ছহেজাৰ কোটিৰ পেকেজ , হাফলঙত স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়

cm 1

Cm Visit Haflong:

পাৰ্বত্য জিলা ডিমাহাচাওৰ সদৰ হাফলঙত আজি পুৱাতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত ডিমাহাচাওৰ বিদ্ৰোহী সংগঠন ডিএনএলএৰ প্ৰায় ১৮২ জন নেতা-কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মুল সূতিলৈ উভতি আহে ৷

হাফলঙৰ জিলা ক্ৰীড়া সংস্থা খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয়,আজি দিনটো ডিমা হাচাওৰ বাবে এটা ভাল দিন ৷ এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন ডিএনএলএৰ দুই শতাধিক নেতা-কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মুল সূতিলৈ উভতি আহে ৷

পাহাৰীয়া ৰাজ্য খনৰ সৰ্বাগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ ৷ ৰাষ্টা- ঘাট- দলং নিৰ্মাণৰ বাবে ছহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে হাফলংত এখন আটকধুনীয়া মেডিকেল কলেজ স্থাপনৰ কথাও ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ডিমাছা যুৱবৰ্গৰ আত্মসংস্থাপনৰ বাবে স্বায়ত্ত্ব শাসিত পৰিষদৰ জৰিয়তে ৰাজ্য চৰকাৰে শীৰ্ঘেই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব ৷ পৰ্যটনৰ কেন্দ্ৰবিন্দু মাইবং সহ বহু কেইটা অঞ্চলক দ্ৰুত উন্নয়ন কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ গঢ়ি তোলাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কেবিনেট মন্ত্ৰীত্ৰয় পীযুষ হাজৰিকা,নন্দিতা গাৰ্লোচা,যোগেন মৰাণ ,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ মুৰব্বী দেবলাল গাৰ্লোচা,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাং,
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্যসচিব ড:ৰবি কোটা,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং,অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ উপস্থিত থাকে ৷

উল্লেখ্য যে,২০১৬ চনতে ডিমা হাচাওত গঠন হোৱা উগ্ৰপন্থী সংগঠন ডিএনএলএ ২০২১ ৰ ৭ ছেপ্তেম্বৰত যুদ্ধবিৰতি ঘোষণা কৰি পৰৱৰ্তী সময়ত মুল সুতিলৈ উভতি আহি ডেজিগনেটেড কেম্পত বাহৰ পাতে যদিও শেহতীয়াকৈ ডেজিগনেটেড কেম্প এৰি সাধাৰণ জীৱনযাপন কৰে বিদ্ৰোহী সংগঠনটোৰ নেতা- কেডাৰে ৷

Exit mobile version