Cadres Of Two ULFA Independents Surrender In Tinsukia:আলফা স্বাধীনৰ প্ৰতি মোহভংগ !

তিনিচুকীয়াত দুই আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ, শিৱসাগৰতো মূলসূতিলৈ আন এজন কেডাৰৰ

ulfa creader surrender

Cadres Of Two ULFA Independents Surrender In Tinsukia:

আলফা স্বাধীনৰ ম্যানমাৰৰ দুৰ্গম জংঘলত থকা কেম্পত ইজনৰ পাছত সিজনকৈ কেডাৰক সংগঠনবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত মৃত্যুদণ্ড বিহাৰ সময়তে শেহতীয়াকৈ সংগঠনৰ প্ৰতি মোহভংগ হৈছে একাংশ কেডাৰৰ ৷

এনে ঘটনাক্ৰমৰ মাজতে তিনিচুকীয়াত দুজন আলফা স্বাধীনৰ কেডাৰে আত্মসমৰ্পণ কৰে।

পলাশ মৰাণ ওৰফে গোপাল অসম নামৰ কেডাৰ গৰাকীয়ে তিনিচুকীয়া ফিল’বাৰী থানাত আত্মসমৰ্পণ কৰাৰ বিপৰীতে আনজন দুজন আলফা স্বাধীনৰ কেডাৰ মন্টু মৰাণে আত্মসমৰ্পণ কৰে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷

উল্লেখ্য যে,আত্মসমৰ্পণ কৰা দুয়োগৰাকী আলফা স্বাধীনৰ কেডাৰৰ ঘৰ পেঙেৰীৰ নলনী গাঁৱত।

আনহাতে শিৱসাগৰতো মুল সূতিলৈ উভতি আহিছে আন এজন আলফা স্বাধীনৰ কেডাৰ ৷ শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰ ৰিয়াজ অসম ওৰফে আছিক আলীৰ ৷

মনকৰিবলগীয়া যে,২০২২ৰ ১০ এপ্ৰিলত জ্যেষ্ঠ আলফা নেতা অভিজিৎ গগৈ ওৰফে আইছিং অসমৰ লগত যোগাযোগ কৰি নাজিৰাৰ ৰিয়াজ অসম ওৰফে আছিক আলীয়ে যোগদান কৰিছিল বিদ্ৰোহী সংগঠনটিত ৷

আনহাতে আত্মসমৰ্পণৰ সময়ত আৰক্ষীৰ হাতত আলফা কেডাৰজনে জমা দিয়ে এটা গ্ৰেনেড,এটা ম’বাইল,ছিম কাৰ্ড আৰু নগদ ধন ৷

Exit mobile version