Gold Chain Snaching In Guwahati City’s Streets:মহানগৰীৰ ৰাজপথত পিষ্টলধাৰীৰ সন্ত্ৰাস !

চিলনী চোৰে স্মাৰ্ট আৰক্ষীক খুৱাইছে জোলোকে জোলোকে পানী , দুটা স্থানত মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে সোণৰ চেইন

chain snaching

Gold Chain Snaching In Guwahati City’s Streets:

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ স্মাৰ্ট আৰক্ষীক লাজ দি জোলোকে জোলোকে পানী খুৱাইছে সাধাৰণ চিলনী চোৰে ৷

মহানগৰীত পুনৰ চেইন চুৰিৰ ঘটনা ৷ শুক্ৰবাৰে দুটা ভিন্ন স্থানত চিলনী চোৰে সংঘটিত কৰে চেইন চুৰিৰ ঘটনা ৷

হেঙেৰাবাৰীত সন্তানক স্কুলত থৈ গৃহাভিমুখী মহিলাৰ ডিঙিৰ পৰা বাইকত হেলমেট পৰিধান কৰা দুৰ্বৃত্তই লুট কৰি নিয়ে সোণৰ চেইন ৷

আনহাতে চচলত ৰাজপথেদি গৈ থকা এগৰাকী মহিলাক পিষ্টলধাৰী দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডিঙিৰ পৰা টালে নিয়ে সোণৰ চেইন ৷

ইতিমধ্যে ভূক্তভোগী মহিলা দুগৰাকীয়ে ঘটনা সন্দৰ্ভত থানাত দাখিল কৰিছে এজাহাৰ ৷ সাধাৰণ চিলনী চোৰে একপ্ৰকাৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি নিবিঘ্নে অব্যাহত ৰখা সন্ত্ৰাসত সন্তস্ত হৈ পৰিছে মহানগৰীৰ মহিলা – যুৱতী ৷

এনেক্ষেত্ৰত ৰাজপথলৈ আহোতে প্ৰতিগৰাকী মহিলা – যুৱতীয়ে হেলমেট পৰিহিত দুৰ্বৃত্তৰ পৰা সাৱধান হওক ৷ একপ্ৰকাৰ মহিলা – যুৱতীয়ে নিজৰ সুৰক্ষা নিজে দিৱলগীয়া হৈছে এইখন স্মাৰ্ট গুৱাহাটীত ৷

Exit mobile version