Earthquake In Nepal:নেপালত ভূমিকম্পৰ জোকাৰণি

ভূমিকম্পত মৃত্যু ১৫০ জন লোকৰ,আহত ডেৰ শতাধিক, ৰিখটাৰ স্কেলত ৬.৪ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি

nepal eartgquake

Earthquake In Nepal:

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত পুনৰ প্ৰকৃতিৰ তাণ্ডৱ ৷ দেশখনত ২০১৫ ৰ বিধ্বংসী ভূমিকম্পৰ পিছত পুনৰ মৃত্যুৰ কিৰিলি ৷ হিমালয়ান দেশখনত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণিয়ে মুহূৰ্ততে তাজপাতৰ খহি পৰিল বাসগৃহ ৷

শুকুৰবাৰে নিশা ১১ বাজি ৩২ মিনিটত অহা ভূমিকম্পৰ ফলস্বৰূপে বিস্তৰ ক্ষতি সাধন হয় পশ্চিম নেপালত। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.৪ ।

উল্লেখ্য যে,প্ৰায় ৪০ ছেকেণ্ড ধৰি অনুভূত হোৱা ভূমিকম্পৰ ফলত কেবা শতাধিক বাসগৃহ সহ অনান্য বহু ব্যৱসায়ীক প্ৰতিষ্ঠান মুহূৰ্ততে ধূলিসাৎ হয় ৷ একেদৰে মৃত্যু হয় ১৫০ জনকৈ লোকৰ ৷ আহত হয় ডেৰ শতাধিক । ভয়ংকৰ অঘটনৰ পাছতে নিশাই নেপালৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু নেপালী সেনাৰ উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

স্মতব্য যে,শুক্ৰবাৰে নিশা হোৱা বিধ্বংসী ভূমিকম্পই পুনৰ মানসপটত সজীৱ কৰি তোলে ২০১৫ ৰ ২৫ এপ্ৰিলত অহা ভূমিকম্পৰ ভয়াৱহ ৰূপটোক ৷ উল্লিখিত ভূইকপত মৃত্যু হয় প্ৰায় ৯ সহস্ৰাধিক লোকৰ আৰু আহত হয় ২২ হেজাৰৰো অধিক ৷ গৃহহীন হৈ পৰে ৩৫ লাখৰো অধিক ৷

শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূ-গৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।

ইপিনে চুবুৰীয়া দেশ খনত অনুভূত হোৱা ভূমিকম্পই জোকাৰি যায় নতুন দিল্লীকো ৷  আনহাতে উত্তৰ প্ৰদেশৰ ৰাজধানী মহানগৰ লক্ষ্ণৌ ,প্রতাপগড়, গৌৰখপুৰ,ফিৰোজাবাদ, আমেঠি সহ বহু জিলাত ভূমিকম্পৰ অনুভূত হয় ৷

Exit mobile version