Assam Government Will Take A Loan Again:পুনৰ ঋণ ল’ব ৰাজ্য চৰকাৰে !

বিত্ত বিভাগে প্ৰস্তাৱ দাখিল কৰিছে ৰিজাৰ্ভ বেংকৰ ওচৰত, আঢ়ৈ বছৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৪৭ হেজাৰ কোটি টকা

hbs

Assam Government Will Take A Loan Again:

ইটোৰ- পাছত সিটোকৈ ন ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰৰ ৰাজকোষ একপ্ৰকাৰ উদং হোৱাৰ উপক্ৰম হৈছে  ৷ যেনেতেনে জোৰা টাপলি মাৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দৰ্মহা দিয়াৰ বিপৰীতে বিত্তীয় পৰিস্থিতি জোৰা মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ঋণ ল’ব আগবাঢ়িছে ৷

পুনৰ ঋণ ল’ব ১০০০ কোটি টকা ৷ মুকলি বজাৰৰ পৰা ঋণ ল’বৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে প্ৰস্তাৱ দাখিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকত

উল্লেখ্য যে, ৰাজ্যৰ ব্যাপক উন্নয়নৰ ঢাক ঢোল বজাই সৰ্বসাধাৰণৰ ৰাইজৰ ওপৰত মাধমাৰ সোধাই বিদ্যুত মাচুল,পৰিবহন মাচুল,পৌৰ কৰ,মাটিৰ খাজনা আদি বৃদ্ধিৰে ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰ হৈছিল ৰাজ্য চৰকাৰ ৷

আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সভাই – সমিতিয়ে ন ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণৰ প্ৰতিশ্ৰুতি বন্যা বোৱাই দিয়াৰ পাছত পুনৰ ঋণ লোৱাটো আৱশ্যকীয় হৈ পৰিছে চৰকাৰৰ বাবে ৷

স্মতৰ্ৱ্য যে, চলিত বিত্তীয় বৰ্ষৰ পহিলা মাহৰ পৰাই ৰাজ্য চৰকাৰে ঋণ লৈ আহিছে মুকলি বজাৰৰ পৰা। সেই অনুসৰি যোৱা মাহত ২০০০ কোটি ঋণ লোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ঋণ লয় ১৫০০ কোটি টকা ৷

দিছপুৰৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে চলিত বিত্তীয় বৰ্ষৰ শেষৰ মাহলৈকে ২৫,০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য স্থিৰ কৰিছিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে ৷

ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে অধিস্থিত হোৱাৰ যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৪৭ হেজাৰ কোটি টকা।

আনহাতে বিগত কংগ্ৰেছ চৰকাৰৰ শাসনৰ ২০১৪-১৫ বিত্তীয় বৰ্ষত ৰাজ্যত ঋণৰ পৰিমাণ আছিল ৩১,৩০০.৯৯ কোটি টকা। কিন্ত শেহতীয়াকৈ যি গতিত ঋণ লোৱা হৈছে ,সেই ঋণৰ পৰিমাণ হৈছেগৈ ডেৰ লাখ কোটি টকা।

এনে প্ৰেক্ষাপটত ঋণ পৰিশোধ কৰাৰ পৰিৱৰ্তে  চৰকাৰে ঋণৰ বোজা ক্ৰমাৎ বঢ়াই হে গৈ আছে । ইয়াৰ প্ৰভাৱ সৰ্বসাধাৰণ জনতাৰ ওপৰত পৰিছে ৷ সুদ দিবলৈকে ল’বলগীয়া হৈছে ঋণ ৷

Exit mobile version