Deadbody Recovered In Dhirenpara:মহানগৰীৰ ধীৰেনপাৰাত মৃতদেহ উদ্ধাৰ

বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৭নং গেটৰ সমীপত উদ্ধাৰ মৃতদেহটো

deadbody

Deadbody Recovered In Dhirenpara:

মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ ৷ এইবাৰ ঘটনাৰ স্থান ধীৰেণপাৰা ৷ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৭নং গেটৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰকাশ বড়ো নামৰ যুৱক এজন বুলি চিনাক্ত কৰা হৈছে ৷

পিঠিত কোনো লোকে আঘাত কৰাৰো চিন স্পষ্ট । ডকাইতি কৰি কোনো লোকে হত্যা কৰি পেলাই যোৱাৰ সন্দেহ কৰা হৈছে ৷

আনহাতে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱকজনৰ ম’বাইল আৰু মানিবেগ৷ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

Exit mobile version