Latmandal Arrested In Demow:উৎকোচ লৈ পুনৰ হাত দাঙিলে লাটমণ্ডলে

দুৰ্নীতি নিৰ্বাৰক দলৰ জালত লাট মণ্ডল পূৰ্ণিমা গগৈ

latmandal arrested

Latmandal Arrested In Demow:

লোভেই পাপ ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এগৰাকী লাটমণ্ডলৰ ক্ষেত্ৰত ৷ মাটি ভাগ বটোৱাৰা নামত এজন লোকৰ পৰা দাবী কৰিছিল উৎকোচ ৷ উৎকোচৰ ধন লওতেই হাতেলোটে আটক কৰে দুৰ্নীতি নিৰ্বাৰক দলে ৷

জানিব পৰা মতে ডিমৌ ৰাজহ চক্ৰৰ ডিমৌৰ লাট মণ্ডল পূৰ্ণিমা গগৈয়ে ডিমৌৰ নৃপেন চেতিয়া নামৰ যুৱকজনৰ মাটিোভাগ বটোৱাৰা নামত ঘোচ লৈছিল ১৮০০ টকা ৷

ইতিপূৰ্বেই যুৱকজনে লাটমণ্ডলে উৎকোচ বিচৰা সন্দৰ্ভত অভিযোগ দিছিল দুৰ্নীতি নিৰ্বাৰক শাখাত ৷ আজি উৎকোচৰ ১৮০০ টকা লাটমণ্ডল পূৰ্ণিমা গগৈয়ে
যুৱকজনৰ হাতৰ পৰা লওঁতেই পূৰ্বৰে পৰা খাপপিটি থকা দুৰ্নীতি নিৰ্বাৰকৰ দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰা লাটমণ্ডল পূৰ্ণিমা গগৈৰ বিৰুদ্ধে মাটিবাৰীৰ কামত বিভিন্ন লোকক ধন বিচৰাটো নিত্যনৈমিত্তিক নিয়মত পৰিণত হৈছিল ৷

ইতিমধ্যে ধৃত লাটমণ্ডল গৰাকীক ডিমৌৰ শুকান পুখুৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত চলাই আছে জেৰা৷ আনহাতে অধিক জেৰাৰ বাবে দুৰ্নীতি নিৰ্বাৰকৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ আনিব ঘোচখোৰ লাটমণ্ডল গৰাকীক ৷

Exit mobile version