Honey Trapping Nexus Operating In Guwahati:গুৱাহাটীত পুনৰ হানী ট্ৰেপিং

দিছপুৰ আৰক্ষী জালত এগৰাকী মহিলা সহ দুই যুৱক,মহানগৰীৰ দ্বাৰকা নগৰৰ ভাৰাঘৰত চলোৱা হৈছিল এজন যুৱকক লুণ্ঠন

hanitrapping

Honey Trapping Nexus Operating In Guwahati:

মহানগৰীত পুনৰ হানী ট্রেপিং চক্র হাতোৰা ৷ বিজয়নগৰৰ এজন ব্যৱসায়ী যুৱকক প্ৰলোভিত কৰি হানী ট্রেপিং চক্রই লুটিলে ধন ৷ ব্লেকমেইল কৰি যুৱকজনৰ পৰা লুট কৰি নিয়া হ’ল ৩ লাখ ৭১ হাজাৰ টকা ৷

উল্লেখ্য যে, এগৰাকী ছলনাময়ী যুৱতীয়ে প্ৰলোভিত কৰি জালত পেলাইছিল বিজয়নগৰৰ ব্যৱসায়ী যুৱক জনক ৷ ইতিমধ্যে হানী ট্ৰেপিঙৰ জালত পৰি সৰ্বস্বান্ত হোৱা ভূক্তভোগী যুৱকজনে অৱশেষত কাষ চাপে দিছপুৰ আৰক্ষীৰ

ভূক্তভোগী যুৱকজনে দাখিল কৰা এজাহাৰৰ পাছতে হানী ট্ৰেপিঙ চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰে দিছপুৰ আৰক্ষী ৷ শেহতীয়া খবৰ অনুসৰি অতি তৎপৰতাৰে অভিযান চলাই এগৰাকী যুৱতী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷

আটকাধীন যুৱতীগৰাকীৰ নাম ৰুকিয় বেগম ওৰফে পাহি ওৰফে ৰ’জ ওৰফে ৰুক্মা ৷ আনহাতে ধৃত যুৱকদ্বয়ৰ নাম লক্ষ্যজিৎ বৰা আৰু কল্পজ্যোতি বৰা ৷

দিছপুৰ আৰক্ষীয়ে হানী ট্ৰেপিঙৰ মাষ্টাৰ মাইণ্ড তিনিজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা

Exit mobile version