PickPockets In The Guwahati:মহানগৰীত পকেট মাৰৰ ৰূপত শিশু

শিশুৰ পৰা উদ্ধাৰ ৩৮,০০০টকা

PickPockets In The Guwahati:

আজি সমগ্ৰ ৰাজ্যই শিশু দিৱস পালন কৰাৰ মাজতে গুৱাহাটীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ চিলনী চোৰৰ সমান্তৰালভাৱে মহানগৰীত গঢ় লৈ উঠিছে শিশু চোৰৰ গেং ৷

এই শিশুক অপৰাধীয়ে ব্যৱহাৰ কৰিছে পকেটমাৰৰ ৰূত ৷ ৰাজপথেদি গৈ থকা পথচাৰীৰ পৰা যিকোনো সময়তে সুযোগ বুজি শিশু পকেট মাৰে লুট কৰে ধন ৷

মঙলবাৰে ভঙাগড়ত সংঘটিত হৈছে শিশু পকেটমাৰৰ লুট-পাত। এজন লোকৰ পৰা টকা লুট কৰোতেই ৰাইজে আটক কৰে নবছৰীয়া এগৰাকী কিশোৰীক ৷ আটকাধীন কিশোৰী পেন্টত আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ৩৬,০৫০ টকা। আনহাতে আন লগৰীয়া শিশু কেইটি পলায়ন কৰে ৷

ইতিমধ্যে ,ভঙাগড় আৰক্ষী থানালৈ অনা কিশোৰী গৰাকীক চমজাই দিয়া হয় শিশু কল্যাণ কেন্দ্ৰলৈ ৷

উল্লেখ্য যে, ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে নানান অপৰাধজনিত কাৰ্যকলাপ ৷ চিলনী চোৰ,দিন ডকাইতিৰ পাছত এইবাৰ এন্টি হৈছে শিশু চোৰৰ লুটপাত

তৃতীয় ব্যক্তিৰ ইছাৰাত বহি:ৰাজ্যৰ পৰা অহা শিশু অপৰাধীক মহানগৰীত মেলি দি সংঘটিত কৰা হৈছে লুটপাত ৷ পথচাৰীক টাৰ্গেট কৰি এই সকল শিশুৱে এতিয়া দিনদুপৰতে মহানগৰীত অব্যাহত ৰাখিছে লুটপাত।

Exit mobile version