Police Firing In Nagaon:নগাঁৱৰ জুৰীয়াত নিশা আৰক্ষী আৰু ডকাইতৰ মাজত তুমুল সংঘৰ্ষ

আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

police firing

Police Firing In Nagaon:

বুধবাৰে নিশা নগাঁৱৰ জুৰীয়াত ডকাইতৰে তুমুল সংঘৰ্ষ আৰক্ষীৰ। আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ডকাইত ৰাজু আহমেদ ।

উল্লেখ্য যে,জুৰীয়াত দুৰ্ধৰ্ষ ডকাইতৰ দল এটা বাহৰ পাতি থকাৰ গোপন খবৰ লাভ কৰে নগাঁও আৰক্ষীৰ বৃহৎ দল এটাই নিশাই অভিযান চলাই ৷

অভিযানৰ সময়তে আৰক্ষীৰ দললৈ লক্ষ্য কৰি কুখ্যাত ডকাইত ৰাজু আহমেদে গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষী দলটোৱেও গুলী কৰাত ভৰিত গুলী লাগিছে ৰাজু আহমেদৰ।

পাছত আহত ৰাজুক আটক কৰি নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰে ৷ আনহাতে আৰক্ষীয়ে কুখ্যাত ডকাইতটোৰ পৰা জব্দ কৰে 7.65MM পিষ্টল আৰু সজীৱ গুলী।

Exit mobile version