People Involved In The Hawala Scandal: মহানগৰীৰ আঠগাঁৱত আৰক্ষীৰ অভিযানত উৎখাত হাৱালা চক্ৰ

আটক দুজন হাৱালা চক্ৰৰে জড়িত লোকক

arrested 1

People Involved In The Hawala Scandal:

মহানগৰীৰ আঠগাঁৱত আন্ত:ৰাষ্ট্ৰীয় হাৱালা চক্ৰ উৎখাত ৷ মহানগৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি আঠগাঁৱৰ এম এছ ৰোডস্থ জমিৰ আহমেদ নামৰ লোকজনৰ বাসগৃহত এক অভিযান চলাই ৷

অভিযানত জব্দ হয় দুই কোটি টকা ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি গুৱাহাটীত এটা আন্ত:ৰাষ্ট্ৰীয় হাৱালা চক্ৰ বাহৰ পাতি চলাই গৈছিল হাৱালাৰ কামকাজ ৷

আৰক্ষীৰ অভিযানত আটক হয় দুজন হাৱালা চক্ৰৰে জড়িত থকা লোকক ৷ ধৃত লোক কেইজনৰ নাম মনোজ কুমাৰ আৰু দেৱকৰণ সেন ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন লোক দুজনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version