Chief Secretary :মুখ্য সচিবৰ এখন পত্ৰই উদঙালে চৰকাৰৰ ভিতৰচ’ৰাৰ স্বৰূপ !

প্রশাসনিক মুৰব্বী হৈও উপেক্ষিত হ'ব লগা হৈছে মুখ্য সচিব, যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো বিভাগে মুখ্য সচিবক অৱগত কৰোৱাটো, বাধ্যতামূলক ৰাজ্যপাললৈ কোনো ফাইল বা পত্ৰ প্ৰেৰণৰ পূৰ্বে মুখ্য সচিবলৈ প্ৰেৰণ কৰিব লাগিব

pawan krbarthakur

Chief Secretary :

দিছপুৰৰ প্ৰশাসনত চৰম অৰাজকতা ৷ প্রশাসনিক মুৰব্বী হৈও উপেক্ষিত হ’ব লগা হৈছে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ৷ চৰকাৰ, প্রশাসন সকলো ‘ভালদৰে’ চলা বুলি অসম চৰকাৰে কৰি অহা দাবীবোৰ প্ৰকৃততে সাধাৰণ জনতাক আঙুৱা ভবাৰহে নিকৃষ্ট কৌশল বুলি এই পত্রখনে উদঙাই দিছে। মুখ্য সচিব বৰঠাকুৰৰ পত্রই প্ৰশাসন যে ভালদৰে চলা নাই; বৰঞ্চ নিয়ন্ত্রণহীন অৰাজকতাহে বিৰাজ কৰিছে।

পৰিস্থিতি ঢাকিবলৈ চৰকাৰে যিমানে চেষ্টা নকৰক কিয়, শেহতীয়াকৈ এই পত্রখনেই প্রশাসনিক ব্যৱস্থাক লৈ ৰাজ্য চৰকাৰে কৰি অহা সকলো দাবীবে নগ্ন স্বৰূপ প্রকট কৰিছে ।

২১ নৱেম্বৰত মুখ্য সচিব পবন বৰঠাকুৰে প্ৰতিটো বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব,প্ৰধান সচিব,আয়ুক্ত- সচিব আৰু বিভাগীয় সচিব সকললৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। চি এছ/২০২৩/৪৬ নম্বৰবৰ পত্ৰখনে এই কথা স্পষ্ট কৰিছে যে প্রশাসন যন্ত্রত গুৰুতৰ বিসংগতিৰ সৃষ্টি হৈছে। যি নিয়মেৰে প্রশাসন চলিব লাগে তেনেদবে চলা নাই।

ৰাজ্যৰ প্রশাসন যন্ত্রৰ মুৰব্বী হ’ল মুখ্য সচিব; অথচ মুখ্য সচিবকে গুৰুত্বহীন কৰা হৈছে বহু ক্ষেত্রত। পত্ৰখনত প্রত্যক্ষভাবে উল্লেখ নকৰিলেও ইংগিতেৰে এয়াও স্পষ্ট কৰা হৈছে যে ৰাজ্য প্রশাসনৰ বহু কাম প্রশাসনিক মুৰব্বীৰূপে মুখ্য সচিবক অৱগত নকৰাকৈয়ে কৰি থকা হৈছে ।

যিটো কামত মুখ্য সচিবৰ মূল ভূমিকা থাকে সেইক্ষেত্রতো তেওঁক উপেক্ষা কৰা হৈছে। ফলত একপ্ৰকাৰ আক্ষেপেৰে মুখ্য সচিব বৰঠাকুৰে আইনৰ ধাৰা উল্লেখেৰে শেহতীয়া পত্র তথা জননীখন জাৰি কৰে। পত্ৰৰ জৰিয়তে তেওঁ অধীনস্থ বিষয়াসকলক সহযোগিতা বিচাৰি আহ্বান জনাবলগীয়া হোৱা পৰিস্থিতি নিঃসন্দেহে উদ্বেগজনকো ।

পত্ৰখনত মুখ্য সচিব বৰঠাকুৰে উল্লেখ কৰিছে যে ‘আছাম ৰুলছ অৱ এক্সিকিউটিভ বিজনেছ’ আইনখন যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে আৰু এই সন্দৰ্ভত চৰকাৰী জাননী জাৰি কৰা হৈছে। পত্র অনুসৰি বিধিখনৰ ২৮ (এক) ধাৰাত মুখ্য সচিবৰ কাম-কাজৰ বিষয়ে উল্লেখ আছে; কিন্তু সেই ধাৰাই উপেক্ষিত হৈছে।

গতিকে পত্ৰখনৰ জৰিয়তে মুখ্য সচিবে সকলোকে বিধিখন পালন কৰিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধৰ পাছত পত্ৰখনত উল্লেখ কৰা হৈছে যে তিনিটা দিশৰ ওপৰত সংশ্লিষ্টসকলে বিশেষ দৃষ্টি ৰাখিব লাগে। সেইকেইটা হ’ল-কেবিনেটৰ নিয়ম, ‘ডিপার্টমেন্টেল ডিছপোজেল অব- বিজনেছ’ আৰু আন্তঃবিভাগীয় আলাপ-আলোচনা। পত্ৰখনত এইদৰে উল্লেখ কৰা হৈছে যে আছাম ৰুলছ অৱ এক্সিকিউটিভ
বিজনেছ, ২০২৩ৰ উল্লিখিত ধাৰাটোৰ মতে, সকলো বিভাগৰ সিদ্ধান্তৰ ওপৰত মুখ্য সচিবৰ অনুমোদন জনাব লাগে।

উল্লেখ কৰা হৈছে যে ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাৰ দক্ষতা নিশ্চিত কৰাত প্রশাসনিক মুৰব্বীৰূপে মুখ্য সচিবজন দায়বদ্ধ। বিভাগবোৰৰ সচিবসকলৰ মাজত বিভিন্ন বিষয়ক লৈ মতৰ ভিন্নতা থাকে। সেই ক্ষেত্রত মুখ্য সচিবে সংযোগেৰে ভিন্নতাৰ মাজৰ পৰা বাস্তবসম্মত সিদ্ধান্ত নির্ধাৰণ কৰিব লাগে।

তদুপৰি উল্লেখ কৰা আন এটা বিষয় অনুসৰি, অফিচ মেমোৰেণ্ডামবোৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্রেৰণৰ এক নির্দিষ্ট নিয়ম আছে। মুখ্য সচিবৰ জৰিয়তেহে সেইবোৰ মুখ্যমন্ত্রী অথবা ৰাজ্যপাললৈ প্ৰেৰণ কৰিব পাৰি।

শেষৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শীর্ষ এক সূত্রই উল্লেখ কৰে যে কোনো এটা বিষয়ৰ অফিচ মেমোৰেণ্ডাম সচিবে সাজু কৰাৰ পাছত সংশ্লিষ্ট বিভাগটোৰ অতিৰিক্ত মুখ্য সচিবলৈ প্রেৰণ কৰিব লাগে ।

অতিৰিক্ত মুখ্য সচিবৰ কিবা আপত্তি থাকিলে সেইখিনি ঠিক-ঠাক কৰি বিভাগীয় মন্ত্রীলৈ প্রেৰণ কৰিব লাগে। মন্ত্রীয়ে অনুমোদন দিয়াৰ পাছত তাক প্ৰেৰণ কৰিব লাগে মুখ্য সচিবলৈ আৰু মুখ্য সচিবে পুনৰীক্ষণ কৰি প্ৰেৰণ কৰিব লাগে মুখ্যমন্ত্রী অথবা ৰাজ্যপাললৈ।

অথচ বৰ্তমানৰ চৰকাৰৰ কার্যকালত এনে ঘটনা সঘনে সংঘটিত হৈ আছে য’ত মুখ্য সচিবক চেৰাই যোৱা হৈছে আৰু পোনে পোনে মুখ্যমন্ত্রী আনকি ৰাজ্যপাললৈও প্রেৰণ কৰা হৈছে। এনেদৰেই ৰহস্যজনকভাবে কৌশলী ৰূপত মুখ্য সচিবৰ পদটোকে অৱমাননা কৰি থকা হৈছে ।

এইবোৰক লৈ মুখ্য সচিব বৰঠাকুৰে যথেষ্ট অস্বস্তিত ভোগাৰ কথা দিছপুৰৰ এটা মহলৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈছে। এই চর্চা অনুসৰি ৰাজ্যবাসীক চৰকাৰে আতুৱা-ভবাৰ এক দলিল স্বৰূপ হৈ পৰিছে মুখ্য সচিবৰ এই পত্র।

এনে প্ৰেক্ষাপটত এতিয়াৰে পৰা যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো বিভাগে মুখ্য সচিবক অৱগত কৰোৱাটো বাধ্যতামূলক ৷ কোনো বিষয়াৰ মত বিৰোধ হ’লে মুখ্য সচিবক অৱগত কৰিবই লাগিব প্ৰশাসনৰ মুৰব্বী হিচাপে ৷ একেদৰে ৰাজ্যপাললৈ কোনো ফাইল বা পত্ৰ প্ৰেৰণৰ পূৰ্বে মুখ্য সচিবলৈ প্ৰেৰণ কৰিবই লাগিব ৷

উল্লেখ্য যে, মুখ্য সচিবক একাংশ বিভাগীয় মুৰব্বীয়ে গুৰুত্বহীন কৰি ৰখাৰ অভিযোগ উদ্থাপিত হৈছে ৷

Exit mobile version