Telangana Election:তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ পুৱা ৭ বজাৰ পৰা

১১৯খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ, ২,২৯০ প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব ৩.১৭ কোটি ভোটাৰে, ১০৬টা সমষ্টিত ভোটগ্ৰহণ চলিব বিয়লি ৫ বজালৈ, নক্সাল অধ্যুষিত ১৩ সমষ্টিত ভোটগ্ৰহণ ৪ বজালৈ

telangana 1

Telangana Election:

আজি তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷ ১১৯খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ২,২৯০ প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব ৩.১৭ কোটি ভোটাৰে

আনহাতে ১০৬টা সমষ্টিত ভোটগ্ৰহণ চলিব বিয়লি ৫ বজালৈ আৰু নক্সাল অধ্যুষিত ১৩ সমষ্টিত ভোটগ্ৰহণ ৪ বজালৈ অব্যাহত থাকিব ৷

তেলেংগানা নিৰ্বাচনৰ ভোটকেন্দ্ৰত ভিৰ কৰিছেহি দক্ষিণৰ চিনেমা জগতৰ তাৰকা। দুপৰীয়া ভাগত পুষ্পাখ্যাত আল্লু অৰ্জুনেও ভোট দিলে জুবিলী হিলছ ভোটকেন্দ্ৰত। আনহাতে ভোটদান কৰে জুনিয়ৰ এন টি আৰে ৷ ৰাজ্য খনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷

আনহাতে তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে কেতবোৰ অঞ্চলত সংঘটিত হয় ৰাজনৈতিক হিংসা ৷ জনগাঁৱৰ এটা ভোটকেন্দ্রত কংগ্রেছ, বিজেপি আৰু বি আৰ এছ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ অৱশ্যে পাছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

নিৰ্বাচন আয়োগে সদৰি কৰা মতে দিনৰ এক বজালৈ ভোটদানৰ হাৰ ৩৬ .৬৮ শতাংশ ৷

Exit mobile version