Senior Redio Artists Bhabesh Goswami Passed Away:আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিষ্ঠিত শিল্পী তথা সংগীত প্ৰযোজক,সুৰকাৰ ভৱেশ গোস্বামী(টুটু দা)ৰ দেহাৱসান

goswami 2

Senior Redio Artists Bhabesh Goswami Passed Away:

৬০ৰ দশকৰ ৰাজ্যৰ বিখ্যাত মিউজিক বেণ্ড ‘দ্যা কুইভাৰছ্’ৰ এজন সদস্য, বিখ্যাত একৰ্ডিয়ান বাদক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিষ্ঠিত শিল্পী তথা সংগীত প্ৰযোজক,সুৰকাৰ ভৱেশ গোস্বামী(টুটু দা) ৰ চিৰবিদায়।

ডিব্ৰুগড় নালিয়াপুলৰ নিজা বাসভৱনত শেষ নিঃশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি শয্যাগত অৱস্থাত থকা শিল্পী গৰাকী ড০ ভূপেন হাজৰিকাই ১৯৫৭ চনতে প্ৰতিষ্ঠা কৰা ৰাজ্য খ্যাত সাংস্কৃতিক অনুষ্ঠান মঞ্চৰূপাৰ প্ৰাক্তন সভাপতিও আছিল। শিল্পী গৰাকীয়ে ইহ সংসাৰত পত্নী সহ এটি কণমানি পুত্র সন্তানক থৈ যায়।

শিল্পী চৈয়দ চাহদুল্লাহ,অভিনেতা প্ৰয়াত বিজু ফুকন,নাট্যকৰ হেমন্ত দত্ত আদিৰ একালৰ দ্যা কুইভাৰ্ছ বেণ্ডৰ সতীৰ্থ ভবেশ গোস্বামী মৃত্যু সাংস্কৃতিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।

Exit mobile version