ILLegal Rat-Hole Coal Mining In Margherita:
‘মোৰ ঘৰ ধুবুৰী জিলাত। বাছেৰে আহিছিলো মাৰ্ঘেৰিটালৈ। আমাৰ গাঁৱৰে দাদা এজনে মূলধন অবিহনে একেলগে কয়লা ব্যৱসায় কৰিম বুলি কৈ আনিছিল। তেতিয়া খাদানৰ ভিতৰত সোমাই কয়লা খন্দাৰ কথা কোৱা নাছিল।
ইছমাইলৰ লগত আছিল ৰাজু তাঁতী, অঞ্জন মিলি, বাহুল গগৈ, আৰু মদন দাস। তেওঁলোক এটা দলত থাকি ৪০ৰ পৰা ৮০ ফুট গভীৰতাত প্ৰৱেশ কৰি দৈনিক ‘ৰেট হ’ল মাইনিং’ (নিগনিৰ দৰে কুটি কুটি গাঁত খান্দি আগবাঢ়ি গৈ কয়লা খনন)ৰ কাম কৰে। চৰ্দাৰৰ আদেশ মর্মে সময়ে সময়ে দলৰ সদস্যৰ সালসলনি হয়। আচলতে কোনো সদস্য অনুপস্থিত থাকিলে একেজন চৰ্দাৰৰ আন খাদানলৈ বদলি কৰা বুলিয়েই তেওঁলোকে ভাবি লয়। চদাৰেও কথাবোৰ তেনেদৰেই জনায়। ইছমাইলহঁতেও বুজি পায় যে তেওঁলোকৰ মাজৰ কোনোবা সুৰংগৰ ভিতৰতে মৰিছে; কিন্তু প্রতিবাদ কৰাটো দূৰৰে কথা, নিজৰ মাজতে কথাবোৰ প্ৰকাশ কৰিলেও চৰ্দাৰৰ কোব খাই মৰিব লাগিব।
কাৰোবাৰ ঘৰ যদি ধুবুৰী, শালমাৰা, জলেশ্বৰত, আন কোনোবাজনৰ ঘৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় অথবা শিৱসাগৰত। তেওঁলোক কেৱল উশাহ-নিশাহ লৈ জীয়াই থকা মানুহ। তেওঁলোকৰ চকুৰ চাৱনিত থাকে অসহনীয় দৰিদ্রতা। পেটত ভোক-পিয়াহৰ গোজৰণি। খালী ভৰি আৰু ফটা-ছিঙা সাজযোৰ যেন তেওঁলোকৰ নীৰৱ বিদ্ৰোহৰ চানেকি। কি ইংৰাজ, কি স্বাধীন ভাৰত ৰাষ্ট্ৰৰ শাসক, আচলতে দেশী-বিদেশী কোনো
কাৰণ তেওঁলোক পুঁজিপতিৰ নিয়ন্ত্রণত থকা পাটকাই পৰ্বতৰ বুকুত থকা কয়লা খনিৰ গোলাম। গোলামীয়েই তেওঁলোকৰ শেষ পৰিচয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাল পাহাৰ, পাহাৰপুৰ, শালিকী, লিডু, জাগুন, বমগাঞ্জা, কায়াৰিং, টিপং আদি ঠাইত থকা কয়লা খনিসমূহত ইছমাইলহঁতৰ দৰে কিমান হেজাৰ দৰিদ্ৰ শ্রমিকে পুঁজিপতিৰ গোলামী কৰে কাৰো ওচৰত তাৰ তথ্য নাই।
স্থানীয় প্রশাসনৰ হাততো তেনে কোনো তথ্য নাথাকে বা প্রশাসনে এনেবোৰ তথ্য ইচ্ছা কৰিলেও সংগ্ৰহ কৰাৰ অধিকাৰ নাই। কিয়নো সেই সমূহ অঞ্চলত অবৈধভাবে চলোৱা খনন কার্য, শ্রমিক নিয়ন্ত্ৰণৰ সম্পূর্ণ দায়িত্ব আৰু কর্তৃত্ব পুঁজিপতি তথা তেওঁলোকৰ চৰ্দাৰসকলৰ হাতত ন্যস্ত থাকে।
কার্যতঃ স্থানীয় প্রশাসন, আবক্ষী সকলো মূক-বধিৰ, অন্ধলা। নীৰৱ দর্শক। ‘দৈনিক অগ্রদূত’ৰ নিজাববীয়া ক্ষেত্রভিত্তিক অধ্যয়নত লাভ কবা তথ্য অনুসৰি কয়লাৰ খনি, ডিপ’, কোক ভাটা, খাদানৰ পৰা ডিপ’সমূহলৈ কয়লা কঢ়িওরা ডাম্পাৰ, পিক-আপ ভান আদিত অসংগঠিত ৰূপত নিয়োজিত পৰিচয়হীন দৰিদ্ৰ শ্ৰমিকৰ সংখ্যা ১০ৰ পৰা ১৫ হেজাৰ হ’ব। দৈনিক পাঁচ ঘণ্টা শোৱাৰ বাহিৰে এইসকল শ্রমিকে ১৮ ঘণ্টাই নিজ নিজ চৰ্দাৰৰ হৈ শ্রমদান কৰিব লাগে।
পৰম্পৰাগতভাৱে কয়লা ব্যৱসায়টোত মাটি (খাদান)ৰ মালিক, চৰ্দাৰ আৰু শ্ৰমিকৰ মাজৰ সম্পৰ্কটো বৰ আচহুৱা। জুৱা খেলৰ দৰে। উল্লেখ্য, চৰ্দাৰসকল দৰাচলতে পুঁজিপতিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মেদবহুল হৈ উঠা কোনো বহিৰাগত অথবা স্থানীয় ব্যৱসায়ী, যাৰ নিয়ন্ত্ৰণত থাকে ৫০ জনৰ পৰা দুশজন পর্যন্ত গোলাম সদৃশ শ্রমিক। সর্বপ্রথমে চৰ্দাৰসকলে স্থানীয় কোনো জনজাতীয় লোকৰ ওচৰলৈ গৈ মাটি বিচাৰে। মাটিৰ মালিকৰ চৰ্তসমূহ হ’ল- (এক) যদি ভূগৰ্ভত কয়লাৰ উপস্থিতি ধৰা নপৰে, সেয়া চৰ্দাৰৰ ভাগ্য, উপযুক্ত স্থান চিনাক্ত কৰাত চৰ্দাৰৰ অভিজ্ঞতাৰ অভাব। তাৰ বাবে মালিক দায়ী নহয়।
এই ক্ষেত্রত মালিক পক্ষক আদায় দিয়া ধনৰ পৰিমাণ এক লাখ টকাৰ পৰা আৰম্ভ হৈ ১৫ লাখ টকা পর্যন্ত হ’ব পাৰে। উক্ত স্থান কিমান দুর্গম অথবা সুগম তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় মাটিৰ মূল্য।
ফোকলেন নামেৰে জনপ্রিয় ‘চেইন মাউন্টেড এক্সেভেটৰ’ ভাড়ালৈ আনিলে। একোটা ফোকলেনৰ মাহিলি ভাড়া তিনি লাখ তাতে ২০ হেজাৰ টকা। একোখন ফোকলেনত দৈনিক তেলৰ খৰচ ছহেজাৰ টকা। তাৰ উপৰি ফোকলেন ভাড়াত লৈ অনাৰ বাবে চুক্তি কৰাৰ দিনাই মালিক পক্ষক আদায় দিব লাগে তিনি মাহৰ অগ্রিম ধন; অর্থাৎ, প্রায় ১০ লাখ টকা।
খাদানত প্রৱেশ কৰাবৰ কাৰণে একোখন ফোকলেনৰ বিপৰীতে ছিণ্ডিকেট বাহিনীক আদায় দিব লাগে এক লাখ ৬০ হেজাৰ টকা। ফোকলেন প্রবেশ কৰা দিনৰ পৰাই চদাৰে বহন কৰিব লাগে শ্রমিকৰ হাজিৰা আৰু ৰেচনৰ খৰচ। অর্থাৎ, উৎপাদনৰ আৰম্ভণিতেই একোজন চদাৰে খৰচ কৰিব লাগে বৃহৎ পৰিমাণৰ ধন। শেষত, কিবা কাৰণত যদি ভূগৰ্ভত কয়লাৰ অৱস্থিতি ধৰা নপৰে, তেন্তে হিতাহিত জ্ঞান হেৰুৱাই, সকলো দোষ শ্ৰমিকৰ ওপৰত জাপি দি আৰম্ভ কৰে অকথ্য নির্যাতন।
কেতিয়াবা যদি কাৰোবাক মৰিয়াই একেবাৰে মাৰি পেলাইছে, কাৰোবাক ভোকে-পিয়াহে বান্ধি ৰাখিছে অথবা কোনোবাজনক প্রাপ্য ধনৰ পৰা বঞ্চিত কৰিছে। মুঠৰ ওপৰত লাভ হ’লে কেবল চৰ্দাৰৰ আৰু লোকচান হ’লে সকলো দোষ শ্রমিকৰ।
ভয়ংকৰ কথাটো হ’ল, একো একোজন চৰ্দাৰৰ বন্দোৱস্তিত থাকে কে’বাটাও খাদান। কিয়নো, কোনোবা খাদানৰ ভূগৰ্ভত ক’লা হীৰা নাথাকিবও পাৰে। গতিকে ৰিস্ক ল’ব কিয়? কোনোবাটো সুগম। আন কোনোবাটো দুর্গম অথবা অত্যন্ত দুর্গম- কোনো পিনৰ পৰাই ডাম্পাৰ, পিক-আপ ভান অথবা ট্রেক্টৰ প্ৰৱেশ কৰিব নোৱাৰে।
একমাত্র উপায় হ’ল ৰেট হ’ল মাইনিং‘ আৰু উৎপাদিত কয়লা নির্দিষ্ট স্থানত গোটাই থোৱাৰ উপায় হ’ল শাৰীৰিক শ্ৰম। ৰেট হ’লৰ ভিতৰত প্ৰৱেশ কৰি কাম-কৰা কোনো শ্রমিকক দিয়া নহয় সুৰক্ষা কৱচ। খালী ভৰি, মুৰত টর্চ লাইট, কঁকালত পঘা, হাতত কোৰ, পিঠিত কয়লা কঢ়িয়াবলৈ বাঁহেৰে নির্মিত বিশেষ বেগ আদি লৈয়েই ৪০ৰ পৰা ৮০ ফুট পর্যন্ত গভীৰতাত প্ৰৱেশ কৰি কয়লা কাটিব লাগে। সুৰংগৰ ঠিক অপ্ৰৱেশদ্বাৰৰ সন্মুখত তীক্ষ্ণ দৃষ্টি দি থাকে চৰ্দাৰৰ পহৰাদাৰে। গতিকে কামৰ তীব্রতা কমি অহা, উৎপাদন হ্রাস হোৱা মানেই চাবুকৰ কোব।
দিনৰ ভাগত খাদ্যৰ নামত কেতিয়াবা বিস্কুট এপেকেট, কেতিয়াবা ব্রেড আৰু কেতিয়াবা কেবল পানী। এনেদৰেই চলি থাকে জীৱন-মৰণৰ সংগ্রাম। দুর্ভাগ্যজনক কথাটো হ’ল, ধৰি-বান্ধি অনা শ্রমিকেই হওক বা জীবন-জীৱিকাৰ তাড়নাত স্ব-ইচ্ছাই আগবাঢ়ি অহা শ্রমিকেই হওক, কোনো চৰ্দাৰৰ লগত মৌখিক বন্দোৱস্তি হোৱাৰ পাছত দুর্গম অঞ্চলত কাম নকৰে বুলি কোনো শ্রমিকে আপত্তি কৰিব নোৱাৰে।
কিয়নো, আপত্তি মানেই মৰণ। সাধাৰণতে ‘ৰেট হ’ল মাইনিঙ’ৰ ক্ষেত্ৰত ভূগৰ্ভৰ গভীৰতা ৪০ ফুটৰ পৰা ৮০ ফুট পর্যন্ত হয়। কার্বন মন’ক্সাইড গেছ নির্গমনৰ ফলত বহু শ্ৰমিকৰ ভূগর্ভতেই – মৃত্যু হয়। তেনে অধিকাংশ শ্রমিকৰ মৃতদেহ পৰিয়ালৰ লোকক ঘূৰাই দিয়া নহয়। স্থানীয় প্রশাসনকো জনোৱা নহয়।
খাদানৰ ওচৰে পাজৰেই পুতি থোৱা হয় মৃতদেহ। এনে মৃতদেহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰশাসনৰো যথেষ্ট অসুবিধা হয়; কিয়নো কয়লা খাদানত কাম কৰা শ্ৰমিকৰ কোনো তথ্য, পৰিচয় পত্র জিলা প্রশাসন অথবা আৰক্ষীৰ হাতত জমা দিয়া নহয়। অৱশ্যে সকলো শ্রমিককেই যে বলপূবৰ্বক ধৰি বান্ধি অনা হয় তেনে নহয়।
বহু শ্রমিকে দুবেলা-দুমুঠি খাই জীয়াই থকাৰ তাড়নাত, পৰিয়াল পোহপাল দিয়াৰ তাড়নাতো স্ব-ইচ্ছাই খাদানত কাম কৰিবলৈ আহে। তেনে এজন শ্রমিক জাগুনৰ বাসিন্দা অঞ্জন মিলিয়ে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘পূর্বতে আমি ধেমাজি জিলাৰ চিচি টঙানিত বাস কৰিছিলো। বছৰ বাগৰাৰ লগে লগে এবিঘা-দুবিঘাকৈ কৃষিভূমি বানপানীয়ে নিলে। শেষত ভেটি মাটিখিনিও হেৰুৱাই পেলালো।
বহু বছৰ দেউতা-মই দিন হাজিৰা কৰিলো। দুবছৰ পূৰ্বে দেউতাৰ মৃত্যু হৈছে। এতিয়া ময়েই সাতজনীয়া পৰিয়ালটিৰ অভিভাবক। গতিকে মৰিলেও মৰিম, দুদিন জীয়াই থাকোতে দুপইচা ঘটি পৰিয়ালটিক দুবেলা খুৱাই মৰিব পাৰিলেও শান্তি পাম।’
আচলতে মাৰ্ঘেৰিটাৰ কয়লা খনিত নিয়োজিত প্রতিজন গোলামৰূপী শ্ৰমিকৰ সমস্যাৰ গভীৰতা বেলেগ যদিও এটাই পৰিচয়- তেওঁলোক দৰিদ্র। সংবিধানে দেশৰ প্ৰতিজন নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ আৰু ন্যূনতম সুবিধাৰ পৰা বঞ্চিত দুৰ্ভগীয়া নাগৰিক। ৰাষ্ট্ৰৰ, প্ৰশাসনৰ, চৰ্দাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব নোৱাৰা নিঃসম্বল প্রাণী।
সভ্য সমাজে নিজৰ স্বাৰ্থত চিঞৰি থকা ‘মানৱ অধিকাৰ’ৰ দৰে বিষয়বোৰ তেওঁলোকৰ বাবে নুবুজা সাঁথৰ। সচেতন নাগৰিক, কল্যাণকামী ৰাষ্ট্ৰৰ প্রশাসন যন্ত্র, দল-সংগঠন আদি সকলো মিলি এক বিকল্প পথৰ সন্ধান নকৰা পর্যন্ত সেই ১০-১৫ হেজাৰ দৰিদ্ৰ শ্ৰমিকৰ ওপৰত দশকৰ পাছত দশক ধৰি চলি থাকিব পুঁজিপতিৰ আশিসপুষ্ট চৰ্দাৰৰ দমন, উৎপীড়ন আৰু শোষণ।