Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ILLegal Rat-Hole Coal Mining In Margherita:মাৰ্ঘেৰিটাত কয়লা খননৰ ভয়ংকৰ কাণ্ড

পাটকাইৰ বুকুত ৪০-৮০ ফুট গভীৰতাত খনন, মূক-বধিৰ-অন্ধ প্রশাসন, উদং ভৰি, কঁকালত পঘা , হাতত কোৰ, মূৰত টর্চ, পিঠিত বাঁহৰ বেগ , শ্ৰমিকৰ মৰণ মিলিলেই চৰ্দাৰে পুতি থয় খাদানত

samimsultana by samimsultana
December 6, 2023
in India, Assam, News
Reading Time: 3 mins read
0
ILLegal Rat-Hole Coal Mining In Margherita:মাৰ্ঘেৰিটাত কয়লা খননৰ ভয়ংকৰ কাণ্ড
3
SHARES
33
VIEWS
ShareShareShareShare

ILLegal Rat-Hole Coal Mining In Margherita:

‘মোৰ ঘৰ ধুবুৰী জিলাত। বাছেৰে আহিছিলো মাৰ্ঘেৰিটালৈ। আমাৰ গাঁৱৰে দাদা এজনে মূলধন অবিহনে একেলগে কয়লা ব্যৱসায় কৰিম বুলি কৈ আনিছিল। তেতিয়া খাদানৰ ভিতৰত সোমাই কয়লা খন্দাৰ কথা কোৱা নাছিল।

ADVERTISEMENT

coal 3মাৰ্ঘেৰিটা আহি পোৱাৰ পাছত এদিন ব্যৱসায়ৰ উৎস দেখুৱাম বুলি কৈ কয়লা খাদানত সুমুৱাই দিলে। তাৰ পাছত আৰু ওলাই যাব পৰা নাই। এতিয়া জীৱনটোৰ কি হ’ব আল্লাই জানে! নমৰিলে এদিন ঘৰলৈ যাব পাৰিম বুলি আশা কৰি আছো।’ ‘দৈনিক অগ্রদূত’ৰ আগত শালিকী বস্তিৰ সুউচ্চ পাহাৰৰ গভীৰতাত কয়লা খননত নিয়োজিত ১৭ বছৰীয়া ইছমাইল আলীয়ে কথাবোৰ কৈ যাওঁতে চকু সেমেকি উঠিছিল। নিজকে ‘দৈনিক অগ্রদূত’ৰ সাংবাদিক আৰু তেওঁলোকৰ দুখ-যন্ত্ৰণাৰ কথা জানিবলৈ আহিছো বুলি আশ্বস্ত কৰাত ইছমাইল আলীয়ে মনৰ মাজত উমি উমি জ্বলি থকা বিষাদবোৰ এফালৰ পৰা কৈ গ’ল।

RelatedPosts

School bus crashes,barely saved 50 young students: দুৰ্ঘটনাত পতিত স্কুলবাছ,কৃথমপি ৰক্ষা পৰিল ৫০গৰাকী কণমানি শিক্ষাৰ্থী

Crores of Rupees Recovered From Coal Businessman’s House:মাৰ্ঘেৰিটাত কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা

ইছমাইলৰ লগত আছিল ৰাজু তাঁতী, অঞ্জন মিলি, বাহুল গগৈ, আৰু মদন দাস। তেওঁলোক এটা দলত থাকি ৪০ৰ পৰা ৮০ ফুট গভীৰতাত প্ৰৱেশ কৰি দৈনিক ‘ৰেট হ’ল মাইনিং’ (নিগনিৰ দৰে কুটি কুটি গাঁত খান্দি আগবাঢ়ি গৈ কয়লা খনন)ৰ কাম কৰে। চৰ্দাৰৰ আদেশ মর্মে সময়ে সময়ে দলৰ সদস্যৰ সালসলনি হয়। আচলতে কোনো সদস্য অনুপস্থিত থাকিলে একেজন চৰ্দাৰৰ আন খাদানলৈ বদলি কৰা বুলিয়েই তেওঁলোকে ভাবি লয়। চদাৰেও কথাবোৰ তেনেদৰেই জনায়। ইছমাইলহঁতেও বুজি পায় যে তেওঁলোকৰ মাজৰ কোনোবা সুৰংগৰ ভিতৰতে মৰিছে; কিন্তু প্রতিবাদ কৰাটো দূৰৰে কথা, নিজৰ মাজতে কথাবোৰ প্ৰকাশ কৰিলেও চৰ্দাৰৰ কোব খাই মৰিব লাগিব।

coal 1গতিকে নিজে মৰিছে নে জীয়াই আছে তাৰ মাজতেই তেওঁলোকৰ চিন্তাবোৰ সীমাবদ্ধ। এয়াই তেওঁলোকৰ জীৱন! ইছমাইলহঁত আচলতে এই সমাজৰেই একো একোজন ডাল-দৰিদ্ৰ, অৱহেলিত, অস্পৃশ্য। তেওঁলোক তথাকথিত সভ্য সমাজত মানুহৰ স্থান নোপোৱা নিঃসম্বল, বঞ্চিত, শোষিত, নিষ্পেষিত শ্রমিক। নাই কোনো ধর্ম, সমাজ আৰু বংশ-পৰিচয়।

কাৰোবাৰ ঘৰ যদি ধুবুৰী, শালমাৰা, জলেশ্বৰত, আন কোনোবাজনৰ ঘৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় অথবা শিৱসাগৰত। তেওঁলোক কেৱল উশাহ-নিশাহ লৈ জীয়াই থকা মানুহ। তেওঁলোকৰ চকুৰ চাৱনিত থাকে অসহনীয় দৰিদ্রতা। পেটত ভোক-পিয়াহৰ গোজৰণি। খালী ভৰি আৰু ফটা-ছিঙা সাজযোৰ যেন তেওঁলোকৰ নীৰৱ বিদ্ৰোহৰ চানেকি। কি ইংৰাজ, কি স্বাধীন ভাৰত ৰাষ্ট্ৰৰ শাসক, আচলতে দেশী-বিদেশী কোনো coal 2

কাৰণ তেওঁলোক পুঁজিপতিৰ নিয়ন্ত্রণত থকা পাটকাই পৰ্বতৰ বুকুত থকা কয়লা খনিৰ গোলাম। গোলামীয়েই তেওঁলোকৰ শেষ পৰিচয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাল পাহাৰ, পাহাৰপুৰ, শালিকী, লিডু, জাগুন, বমগাঞ্জা, কায়াৰিং, টিপং আদি ঠাইত থকা কয়লা খনিসমূহত ইছমাইলহঁতৰ দৰে কিমান হেজাৰ দৰিদ্ৰ শ্রমিকে পুঁজিপতিৰ গোলামী কৰে কাৰো ওচৰত তাৰ তথ্য নাই।

স্থানীয় প্রশাসনৰ হাততো তেনে কোনো তথ্য নাথাকে বা প্রশাসনে এনেবোৰ তথ্য ইচ্ছা কৰিলেও সংগ্ৰহ কৰাৰ অধিকাৰ নাই। কিয়নো সেই সমূহ অঞ্চলত অবৈধভাবে চলোৱা খনন কার্য, শ্রমিক নিয়ন্ত্ৰণৰ সম্পূর্ণ দায়িত্ব আৰু কর্তৃত্ব পুঁজিপতি তথা তেওঁলোকৰ চৰ্দাৰসকলৰ হাতত ন্যস্ত থাকে।

কার্যতঃ স্থানীয় প্রশাসন, আবক্ষী সকলো মূক-বধিৰ, অন্ধলা। নীৰৱ দর্শক। ‘দৈনিক অগ্রদূত’ৰ নিজাববীয়া ক্ষেত্রভিত্তিক অধ্যয়নত লাভ কবা তথ্য অনুসৰি কয়লাৰ খনি, ডিপ’, কোক ভাটা, খাদানৰ পৰা ডিপ’সমূহলৈ কয়লা কঢ়িওরা ডাম্পাৰ, পিক-আপ ভান আদিত অসংগঠিত ৰূপত নিয়োজিত পৰিচয়হীন দৰিদ্ৰ শ্ৰমিকৰ সংখ্যা ১০ৰ পৰা ১৫ হেজাৰ হ’ব। দৈনিক পাঁচ ঘণ্টা শোৱাৰ বাহিৰে এইসকল শ্রমিকে ১৮ ঘণ্টাই নিজ নিজ চৰ্দাৰৰ হৈ শ্রমদান কৰিব লাগে।

পৰম্পৰাগতভাৱে কয়লা ব্যৱসায়টোত মাটি (খাদান)ৰ মালিক, চৰ্দাৰ আৰু শ্ৰমিকৰ মাজৰ সম্পৰ্কটো বৰ আচহুৱা। জুৱা খেলৰ দৰে। উল্লেখ্য, চৰ্দাৰসকল দৰাচলতে পুঁজিপতিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মেদবহুল হৈ উঠা কোনো বহিৰাগত অথবা স্থানীয় ব্যৱসায়ী, যাৰ নিয়ন্ত্ৰণত থাকে ৫০ জনৰ পৰা দুশজন পর্যন্ত গোলাম সদৃশ শ্রমিক। সর্বপ্রথমে চৰ্দাৰসকলে স্থানীয় কোনো জনজাতীয় লোকৰ ওচৰলৈ গৈ মাটি বিচাৰে। মাটিৰ মালিকৰ চৰ্তসমূহ হ’ল- (এক) যদি ভূগৰ্ভত কয়লাৰ উপস্থিতি ধৰা নপৰে, সেয়া চৰ্দাৰৰ ভাগ্য, উপযুক্ত স্থান চিনাক্ত কৰাত চৰ্দাৰৰ অভিজ্ঞতাৰ অভাব। তাৰ বাবে মালিক দায়ী নহয়।

coal 5(দুই) যদি সন্ধান সঠিক হয়, তেন্তে প্রতি কিলোগ্রাম উৎপাদিত কয়লাত মালিকৰ অংশ এটকা। কয়লা খননৰ ভৰপক সময়ত সাধাৰণতে প্রতি কিলোগ্রাম কয়লাৰ দাম (খাদানত) চাৰি টকাৰ পৰা পাঁচ টকা। (তিনি) কোনো কোনো সময়ত সৰ্বমুঠ উৎপাদনৰ ৩০ শতাংশ মাটিৰ মালিকৰ। (চাৰি) আনহাতে, যদিহে ভূমিৰ মালিক আৰু চৰ্দাৰ, দুয়োপক্ষ সন্মত হয় যে খননৰ বাবে নিৰ্ধাৰিত স্থানৰ ভূগৰ্ভত ক’লা হীৰাৰ অৱস্থিতি নিশ্চিত, তেনে পৰিস্থিতিত চৰ্দাৰে হিচাপ-নিকাচ কৰি একেবাৰতে মালিকৰ প্ৰাপ্য মূল্য আদায় দি খনন কাৰ্য আৰম্ভ কৰে।

এই ক্ষেত্রত মালিক পক্ষক আদায় দিয়া ধনৰ পৰিমাণ এক লাখ টকাৰ পৰা আৰম্ভ হৈ ১৫ লাখ টকা পর্যন্ত হ’ব পাৰে। উক্ত স্থান কিমান দুর্গম অথবা সুগম তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় মাটিৰ মূল্য।

ফোকলেন নামেৰে জনপ্রিয় ‘চেইন মাউন্টেড এক্সেভেটৰ’ ভাড়ালৈ আনিলে। একোটা ফোকলেনৰ মাহিলি ভাড়া তিনি লাখ তাতে ২০ হেজাৰ টকা। একোখন ফোকলেনত দৈনিক তেলৰ খৰচ ছহেজাৰ টকা। তাৰ উপৰি ফোকলেন ভাড়াত লৈ অনাৰ বাবে  চুক্তি কৰাৰ দিনাই মালিক পক্ষক আদায় দিব লাগে তিনি মাহৰ অগ্রিম ধন; অর্থাৎ, প্রায় ১০ লাখ টকা।

খাদানত প্রৱেশ কৰাবৰ কাৰণে একোখন ফোকলেনৰ বিপৰীতে ছিণ্ডিকেট বাহিনীক আদায় দিব লাগে এক লাখ ৬০ হেজাৰ টকা। ফোকলেন প্রবেশ কৰা দিনৰ পৰাই চদাৰে বহন কৰিব লাগে শ্রমিকৰ হাজিৰা আৰু ৰেচনৰ খৰচ। অর্থাৎ, উৎপাদনৰ আৰম্ভণিতেই একোজন চদাৰে খৰচ কৰিব লাগে বৃহৎ পৰিমাণৰ ধন। শেষত, কিবা কাৰণত যদি ভূগৰ্ভত কয়লাৰ অৱস্থিতি  ধৰা নপৰে, তেন্তে হিতাহিত জ্ঞান হেৰুৱাই, সকলো দোষ শ্ৰমিকৰ ওপৰত জাপি দি আৰম্ভ কৰে অকথ্য নির্যাতন।

কেতিয়াবা যদি কাৰোবাক মৰিয়াই একেবাৰে মাৰি পেলাইছে, কাৰোবাক ভোকে-পিয়াহে বান্ধি ৰাখিছে অথবা কোনোবাজনক প্রাপ্য ধনৰ পৰা বঞ্চিত কৰিছে। মুঠৰ ওপৰত লাভ হ’লে কেবল চৰ্দাৰৰ আৰু লোকচান হ’লে সকলো দোষ শ্রমিকৰ।

ভয়ংকৰ কথাটো হ’ল, একো একোজন চৰ্দাৰৰ বন্দোৱস্তিত থাকে কে’বাটাও খাদান। কিয়নো, কোনোবা খাদানৰ ভূগৰ্ভত ক’লা হীৰা নাথাকিবও পাৰে। গতিকে ৰিস্ক ল’ব কিয়? কোনোবাটো সুগম। আন কোনোবাটো দুর্গম অথবা অত্যন্ত দুর্গম- কোনো পিনৰ পৰাই ডাম্পাৰ, পিক-আপ ভান অথবা ট্রেক্টৰ প্ৰৱেশ কৰিব নোৱাৰে।

একমাত্র উপায় হ’ল ৰেট হ’ল মাইনিং‘ আৰু উৎপাদিত কয়লা নির্দিষ্ট স্থানত গোটাই থোৱাৰ উপায় হ’ল শাৰীৰিক শ্ৰম। ৰেট হ’লৰ ভিতৰত প্ৰৱেশ কৰি কাম-কৰা কোনো  শ্রমিকক দিয়া নহয় সুৰক্ষা কৱচ। খালী ভৰি, মুৰত টর্চ লাইট, কঁকালত পঘা, হাতত কোৰ, পিঠিত কয়লা কঢ়িয়াবলৈ বাঁহেৰে নির্মিত বিশেষ বেগ আদি লৈয়েই ৪০ৰ পৰা ৮০ ফুট পর্যন্ত গভীৰতাত প্ৰৱেশ কৰি কয়লা কাটিব লাগে। সুৰংগৰ ঠিক অপ্ৰৱেশদ্বাৰৰ সন্মুখত তীক্ষ্ণ দৃষ্টি দি থাকে চৰ্দাৰৰ পহৰাদাৰে। গতিকে কামৰ তীব্রতা কমি অহা, উৎপাদন হ্রাস হোৱা মানেই চাবুকৰ কোব।

দিনৰ ভাগত খাদ্যৰ নামত কেতিয়াবা বিস্কুট এপেকেট, কেতিয়াবা ব্রেড আৰু কেতিয়াবা কেবল পানী। এনেদৰেই চলি থাকে জীৱন-মৰণৰ সংগ্রাম। দুর্ভাগ্যজনক কথাটো হ’ল, ধৰি-বান্ধি অনা শ্রমিকেই হওক বা জীবন-জীৱিকাৰ তাড়নাত স্ব-ইচ্ছাই আগবাঢ়ি অহা শ্রমিকেই হওক, কোনো চৰ্দাৰৰ লগত মৌখিক বন্দোৱস্তি হোৱাৰ পাছত দুর্গম অঞ্চলত কাম নকৰে বুলি কোনো শ্রমিকে আপত্তি কৰিব নোৱাৰে।

কিয়নো, আপত্তি মানেই মৰণ। সাধাৰণতে ‘ৰেট হ’ল মাইনিঙ’ৰ ক্ষেত্ৰত ভূগৰ্ভৰ গভীৰতা ৪০ ফুটৰ পৰা ৮০ ফুট পর্যন্ত হয়। কার্বন মন’ক্সাইড গেছ নির্গমনৰ ফলত বহু শ্ৰমিকৰ ভূগর্ভতেই – মৃত্যু হয়। তেনে অধিকাংশ শ্রমিকৰ মৃতদেহ পৰিয়ালৰ লোকক ঘূৰাই দিয়া নহয়। স্থানীয় প্রশাসনকো জনোৱা নহয়।

খাদানৰ ওচৰে পাজৰেই পুতি থোৱা হয় মৃতদেহ। এনে মৃতদেহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰশাসনৰো যথেষ্ট অসুবিধা হয়; কিয়নো কয়লা খাদানত কাম কৰা শ্ৰমিকৰ কোনো তথ্য, পৰিচয় পত্র জিলা প্রশাসন অথবা আৰক্ষীৰ হাতত জমা দিয়া নহয়। অৱশ্যে সকলো শ্রমিককেই যে বলপূবৰ্বক ধৰি বান্ধি অনা হয় তেনে নহয়।

বহু শ্রমিকে দুবেলা-দুমুঠি খাই জীয়াই থকাৰ তাড়নাত, পৰিয়াল পোহপাল দিয়াৰ তাড়নাতো স্ব-ইচ্ছাই খাদানত কাম কৰিবলৈ আহে। তেনে এজন শ্রমিক জাগুনৰ বাসিন্দা অঞ্জন মিলিয়ে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘পূর্বতে আমি ধেমাজি জিলাৰ চিচি টঙানিত বাস কৰিছিলো। বছৰ বাগৰাৰ লগে লগে এবিঘা-দুবিঘাকৈ কৃষিভূমি বানপানীয়ে নিলে। শেষত ভেটি মাটিখিনিও হেৰুৱাই পেলালো।

বহু বছৰ দেউতা-মই দিন হাজিৰা কৰিলো। দুবছৰ পূৰ্বে দেউতাৰ মৃত্যু হৈছে। এতিয়া ময়েই সাতজনীয়া পৰিয়ালটিৰ অভিভাবক। গতিকে মৰিলেও মৰিম, দুদিন জীয়াই থাকোতে দুপইচা ঘটি পৰিয়ালটিক দুবেলা খুৱাই মৰিব পাৰিলেও শান্তি পাম।’

আচলতে মাৰ্ঘেৰিটাৰ কয়লা খনিত নিয়োজিত প্রতিজন গোলামৰূপী শ্ৰমিকৰ সমস্যাৰ গভীৰতা বেলেগ যদিও এটাই পৰিচয়- তেওঁলোক দৰিদ্র। সংবিধানে দেশৰ প্ৰতিজন নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ আৰু ন্যূনতম সুবিধাৰ পৰা বঞ্চিত দুৰ্ভগীয়া নাগৰিক। ৰাষ্ট্ৰৰ, প্ৰশাসনৰ, চৰ্দাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব নোৱাৰা নিঃসম্বল প্রাণী।

সভ্য সমাজে নিজৰ স্বাৰ্থত চিঞৰি থকা ‘মানৱ অধিকাৰ’ৰ দৰে বিষয়বোৰ তেওঁলোকৰ বাবে নুবুজা সাঁথৰ। সচেতন নাগৰিক, কল্যাণকামী ৰাষ্ট্ৰৰ প্রশাসন যন্ত্র, দল-সংগঠন আদি সকলো মিলি এক বিকল্প পথৰ সন্ধান নকৰা পর্যন্ত সেই ১০-১৫ হেজাৰ দৰিদ্ৰ শ্ৰমিকৰ ওপৰত দশকৰ পাছত দশক ধৰি চলি থাকিব পুঁজিপতিৰ আশিসপুষ্ট চৰ্দাৰৰ দমন, উৎপীড়ন আৰু শোষণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ILLegal Rat-Hole Coal MiningMagherita
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d