76 lakh luxury Range Rover for Rs100 Rupees:ট্ৰেক্টৰ চালক ইমজামামুলে ১০০ টকাত পালে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰভাৰ !

hauli rash

76 lakh luxury Range Rover for Rs100 Rupees:

ভাগ্যই ৰাতিটোৰ ভিতৰতে এজন ট্ৰেক্টৰ চালকক দিলে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰভাৰ বাহন।  হাউলী ৰাস উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ জৰিয়তে এই বিলাসী বাহনৰ গৰাকী হ’ল ইনজামামুল হক।

হাউলীৰ উত্তৰ কালঝাৰৰ বাসিন্দা পেছাত এগৰাকী ট্ৰেক্টৰ চালক ইনজামামুলে ৰাস উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ ২ টাকৈ টিকট ক্ৰয় কৰিছিল।

ইয়াৰে ৪৭৮৬৫৯ নম্বৰৰ কুপনখন খনে লাভ কৰিলে প্ৰথম পুৰস্কাৰ। ইয়াৰ পাছতে আনন্দিত হৈ পৰিছে ইঞ্জামামূল হক। তেওঁৰ এই প্ৰাপ্তিত আনন্দিত হৈছে অঞ্চলবাসী।

উল্লেখ্যে, সমগ্ৰ দেশতে ইতিমধ্যে জনপ্ৰিয় হৈ পৰা হাউলী ৰাসৰ এটা উপহাৰ কুপন ক্ৰয় কৰিবৰ বাবে সকলোৰে মাজত লাগে হেতাওপৰা ৷ এইবাৰো ৰাস উপলক্ষে আয়োজন কৰা উপহাৰ কুপন খেলখনত পুৰস্কাৰ আছিল মুঠ ২১ টা ।

ইতিমধ্যে ঘোষিত ফলাফলত একাদিক্ৰমে পুৰস্কাৰ লাভ কৰা ভাগ্যৱান কেইজনৰ ক্ৰম অনুযায়ী নম্বৰ কেইটা হ’ল প্ৰথম পুৰস্কাৰ ৪৭৮৬৫৯,দ্বিতীয় পুৰস্কাৰ ১৭৬৩৫৭ ,তৃতীয় পুৰস্কাৰ ২০৯৭৪৯ ,চতুৰ্থ পুৰস্কাৰ১৮০০৪৪ , পঞ্চম পুৰস্কাৰ ১৯৩২৮৬ ,ষষ্ঠ পুৰস্কাৰ ২০৩৬৬৬৫ ,সপ্তম পুৰস্কাৰ ৩০১৯৬৩, অষ্টম পুৰস্কাৰ ১৩৫৫৩৬ ,নৱম পুৰস্কাৰ ১৩২১৬০, দশম পুৰস্কাৰ ১৫৭৪৮৬ একাদশ, ৩৩৬৬৩৬,১২ সংখ্যক ৩৫১৭৫১, ১৩সংখ্যক ১০১২৯০, ১৪ সংখ্যক২৮৮১২১, ১৫সংখ্যক ২৯০১৫০, ১৬ সংখ্যক ৩৪৪৮৩৮,১৭ সংখ্যক ২২৪৩২৭, ১৮ সংখ্যক ২২৯২৩১, ১৯ সংখ্যক ১৮৩৫১৩, ২০ সংখ্যক ৪৬৬৪৮১ আৰু ২১ সংখ্যক নম্বৰ ১৬১৯০০।

Exit mobile version