Rajasthan New Cm Bhajanlal Sharma Oath:ৰাজস্থানৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ভজন লাল শৰ্মাই

উপ-মুখ্যমন্ত্ৰী ৰূপে শপত দিয়া কুমাৰী, প্ৰেমচন্দ বৈৰৱাৰ

rajasthan cmoath 1

Rajasthan New Cm Bhajanlal Sharma Oath:

শুক্ৰবাৰে ৰাজস্থানৰ বিজেপি নতুন চৰকাৰ গ্ৰহণ কৰে শপত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰূপে শপত লয় ভজন লাল শৰ্মাই

ৰাজধানী চহৰ জয়পুৰৰ ৰামনিৱাস বাগত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে দিয়া কুমাৰী আৰু ড:প্ৰেমচন্দ বৈৰৱা সহ নতুন মন্ত্ৰীসভাৰ সদস্য সকলে ৷শপতবাক্য পাঠ কৰায় ৰাজ্যপাল কলৰাজ মিশ্ৰই ৷

উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা হয় তিনিখন মঞ্চ ৷ এখনত নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী,উপ-মুখ্যমন্ত্ৰী, মন্ত্ৰী সহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আন এখন মঞ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰী,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা সহ বহু কেইগৰাকী বিজেপি নেতা ৷

আনহাতে তৃতীয় খন মঞ্চত সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া,কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং গেহলট সহ কে’বাখনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে ৷

Exit mobile version