What To Do If You Get Flies In Your Ears:কাণত পৰুৱা সোমালে কি কৰিব !

ears

What To Do If You Get Flies In Your Ears:

নিজৰ অজানিতে কেতিয়াবা মানুহৰ কাণত পৰুৱা, আন কোনো পোক বা যিকোনো বস্তুৰ টুকুৰা সোমাব পাৰে। নিশা নিদ্ৰাৰত অৱস্থাত পোক-পৰুৱা, মকৰা আদি কাণত সোমোৱাৰ সম্ভাৱনা বেছি থাকে।

এই সমস্যা বহুতৰে হয়। অসাৱধানতাৰ বাবে কাণত এইদৰে মকৰা-পৰুৱা আদি সোমোৱা অতি যন্ত্রণাদায়ক আৰু ভয়ৰ কাৰণ। দুই-তিনি বছৰীয়া শিশুৱে কেতিয়াবা খেলাৰ চলতে কোনো সৰু বস্তু নাক, কাণ বা মুখত ভৰাই দিয়ে।

অৱশ্যে এনে অভ্যাস ডাঙৰৰো আছে। কটন বাড, চৰাইৰ পাখি, মেচৰ কাঠি, বন আদিৰে কাণ খজুৱায়, মলি গুচোৱাৰ চেষ্টা কৰে। এনে কাৰ্যৰ সময়ত কাঠি ভাঙি বা কটন বাডৰ তুলা কাণৰ ভিতৰত থাকি যাব পাৰে।

কি কি বস্তু কাণত সোমাব পাৰে?

# কটন বাড বা তুলাৰ অংশ;⇨ দিয়াচলাইৰ কাঠি, বল বিয়েৰিং; পেন্সিলৰ আগ; চৰাইৰ পাখি; চাউল, ডাইল, ধান, ফলৰ গুটি, মুড়ি, চিৰা আদি; ৰবৰ, কাগজ, ফোম বা ফেন, সৰু সৰু খেলাৰ অংশ আৰু কেতিয়াবা জীৱন্ত মহ, অনেক; মাখি, পৰুৱা, মকৰা, পইতাচোৰা আদিও কাণৰ ভিতৰত সোমাব পাৰে।

উপসর্গসমূহ:

#কাণত প্রৱল অস্বস্তিৰ ভাব;⇨ কাণৰ বিষ; কাণেৰে কম শুনা; ⇒ জীৱন্ত পোক-পৰুৱা কাণত সোমালে প্রবল অশান্তি, আনকি ভয়ৰো কাৰণ হ’ব পাৰে।

#এনে অৱস্থাত কি কৰিব ?

মনত ৰাখিব, পোক বা পৰুৱাক ততালিকে বাহিৰলৈ নুলিয়ালে সিহঁত মূৰ বা মস্তিষ্ক পাবগৈ পাৰে। কাণত কিবা বস্তু সোমালে প্রথম কৰণীয় হৈছে যিমান পাৰি সোনকালে উলিয়াই অনা। ইয়াৰ বাবে আক্রান্তজনক ইএনটি বিশেষজ্ঞ চিকিৎসকৰ কাষলৈ নিব লাগিব।

জীৱন্ত পোক কাণত সোমালে প্রথমে অলিভ অইল ‘কাণত দিব লাগিব যাতে পোকটো মৰি যায়। তাৰ পাছত বাহিৰ কৰিব লাগে।

অনভিজ্ঞ হাতেৰে বা খুচাখুচি নকৰিব। শিশুৱে ভয়ত কান্দিলে বা লৰচৰ কৰিলে বা ভয়ত অসহযোগ কৰিলে বলপূর্বক কাণত সোমোৱা বস্তু উলিয়াবলৈ চেষ্টা নকৰিব। বৰঞ্চ শিশুটিক হাস্পতালত অজ্ঞান কৰি কাণৰ পৰা সেই বস্তু উলিওৱাটোহে উত্তম।

Exit mobile version