Why Is It A Concern For Fiabetics Because Of Gum Disease:
ডায়েবেটিছ ৰোগৰ স’তে সম্পর্ক থকাৰ বিষয়ে বহুতেই নহয়। আনকি এনে ৰোগত আক্রান্ত হোৱাৰ পাছতো কিছুমান ৰোগীয়ে বিষয়টোত গুৰুত্ব প্রদান কৰিব নোখোজে। কে’বা বছৰ আগলৈকে এই. বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা হোরা নাছিল।
শেহতীয়াভাবে বহুতো গৱেষণাৰ সময়ত কৰা অধ্যয়নত এইটো স্পষ্টৰূপত প্রকাশ পাইছে যে ডায়েবেটিছত আক্রান্ত লোকৰ যদি দাঁতৰ সমস্যাই গা কৰি উঠে তেতিয়াহ’লে পৰৱৰ্তী সময়ত বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে।
সাধাৰণতে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পুঁজ ওলোবা, মুখৰ পৰা দুর্গন্ধ ওলোৱা আদি সমস্যাই গা কৰি উঠিলে সকলোৱে সতর্ক হ’বই লাগিব। যিসকল লোকে ডায়েবেটিছত আক্রান্ত তেওঁলোকে যদি সকলো ক্ষেত্রত সতর্কতা অবলম্বন নকৰে, তেতিয়াহ’লে সময়ত জটিল ৰূপ ল’ব পাৰে।
সাধাৰণতে ডায়েবেটিছ ৰোগীয়ে যিবোৰ দাঁতৰ সমস্যাৰ সন্মুখীন হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল আলুৰ বিভিন্ন ৰোগ। সচৰাচৰ দাঁতৰ আলুৰ ৰোগ বুলিলে পায়োৰিয়াকে বুজা যায়। পিছে শকৰা নিয়ন্ত্ৰণত থকা লোকসকলৰ শংকা নাথাকে তথাপি যিকোনো সময়ত আলুৰ অন্য ৰোগে গা কৰি উঠিব পাৰে।
ডায়েবেটিছ ৰোগীয়ে আলুৰ যিকোনো ৰোগৰ পৰা হাত সাৰিবলৈ সতর্কতা অৱলম্বন কৰা উচিত। আমাৰ মুখ গহ্বৰত অসংখ্য বেক্টেৰিয়া বা সূক্ষ্ম জীৱাণু থাকে।
উল্লেখ্য যে মুখগহ্বৰত থকা এক মিলিলিটাব লালটিত ৭৫০ নিযুতৰো অধিক জীৱাণু থাকে। এই বেক্টেৰিয়াবোৰে অনবৰতে যে শৰীৰৰ অপকাৰ কৰে তেনে নহয়। সুযোগ-সুবিধা পালে অর্থাৎ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰিলে এইবোৰ বেক্টেৰিয়াই আক্রমণ কৰিবলৈ সক্রিয় হয়।
যেতিয়া ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পায় আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হয়, তেতিয়াই বেক্টেৰিয়াই ৰোগ সৃষ্টিত ভূমিকা গ্রহণ কৰে। সমান্তৰালভাৱে বেক্টেৰিয়াৰ শক্তি বৃদ্ধি পালেও ৰোগ সৃষ্টি কৰিব পাৰে। আমি খাদ্য গ্রহণৰ পাছত যদি দাঁত ভালদৰে পৰিস্কাৰ নকৰো তেতিয়া দাঁতৰ মাজত আৰু আলুৰ আশে-পাশে খাদ্যবস্তুৰ অৱশিষ্ট খিনি থাকি যায় ৷
বেক্টেৰিয়াই মিউকাছ বা স্লেম্মা আদিৰ উপৰি আন অতি ক্ষুদ্র অংশৰ স’তে মিলি মুখৰ পৰিৱেশ লেতেৰা হৈ থাকিলে দাঁতৰ ওপৰত এখন চামনি বা ‘বেক্টেৰিয়েল প্লাক’ সৃষ্টি কৰে। সাধাৰণতে এই প্লাক বা চামনিখনৰ স’তে বেক্টেৰিয়াসমূহে এনজাইম, এচিড বা অম্ল, কোষৰ বাবে বিষাক্ত পদার্থ বিশেষভাবে এম’নিয়া, হাইড্র’জেন ছালফাইড আদি নিঃসৰণ কৰে।
এইবোৰে ‘দাঁতৰ পৰিবেষ্টিত আৰু প্রতিপালক কলা বা টিচ্যুৰ ক্ষতিসাধন কৰে। যদিহে সময়মতে ইয়াৰ চিকিৎসা কৰা নহয়, তেতিয়াহ’লে এই বেক্টেৰিয়াসমূহৰ পৰা নিঃসৰিত জৈৱিক পদাৰ্থ লালটিৰ অজৈৱিক মৌলৰ স’তে মিলি যি শিলজাতীয় কঠিন পদাৰ্থৰ সৃষ্টি কৰে চিকিৎসা বিজ্ঞানত ইয়াক কোৱা হয় ‘কেলকুলাছ’।
কেলকুলাছৰ খহতা অংশত বেক্টেৰিয়াসমূহ লাগি ধৰাৰ লগতে বহুতো অনিষ্টকাৰক পদাৰ্থৰ নিঃসৰণ কৰে। এইবোৰ অনিষ্টকাৰক পদার্থই দাঁতৰ চাৰিওফালে থকা হাড় আৰু পেৰিঅ’ডণ্টেল লিগামেন্টৰ ক্ষতিসাধন কৰিবলৈ ধৰে। এনেদৰে নিজৰ অজ্ঞাতে সৃষ্টি হোৱা পায়োৰিয়াৰ চিকিৎসা সময়মতে একমাত্র বিশেষজ্ঞ দন্ত চিকিৎসকেহে আঁতৰ কৰিব পাৰে।
দাঁতত সৃষ্টি হোৱা প্লাক আৰু টাৰ্টাৰৰ চিকিৎসা নকৰিলে বহুতো ক্ষতি হয়। বেক্টেৰিয়াই আক্রমণ কৰাৰ ফলত আলু ফুলি উঠে। এই অৱস্থাটোক কোৱা হয় ‘জিঞ্জিভাইটিছ’। এনে অৱস্থাৰ সৃষ্টি হ’লে আলু উখহাৰ লগতে ৰঙা পৰে। দাঁতৰ গুৰিৰ পৰা তেজো ওলাব পাৰে।
এনে হ’লে নিয়মীয়াকৈ ভালদৰে দাঁত ব্রাছ কৰা ফ্লছ কৰিলে আৰু দন্ত চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰিলে নকৰিলে পাছত জটিল ৰূপ ধাৰণৰ আশংকা নুই কৰিব নোৱাৰি। যেতিয়া দাঁতত প্লাক (Plaque)ৰ সৃষ্টি হয় তেতিয়া ব্ৰাছ আৰু ফ্লছ কৰিলেও ফল নধৰে। যেতিয়া প্লাক আঁতৰোৱা নহয়, তেতিয়া ই ইমানেই কঠিন হৈ পৰে আৰু এই অৱস্থাটোক ‘টাৰ্টাৰ’ বুলি কয়। এইবোৰ একমাত্র বিশেষজ্ঞ দন্ত চিকিৎসকেহে আঁতৰ কৰিব পাৰে।
দাঁতত সৃষ্টি হোৱা প্লাক আৰু টাৰ্টাৰৰ চিকিৎসা নকৰিলে বহুতো ক্ষতি হয়। বেক্টেৰিয়াই আক্রমণ কৰাৰ ফলত আলু ফুলি উঠে। এই অৱস্থাটোক কোৱা হয় ‘জিঞ্জিভাইটিছ’। এনে অৱস্থাৰ সৃষ্টি হ’লে আলু উখহাৰ লগতে ৰঙা পৰে। দাঁতৰ গুৰিৰ পৰা তেজো ওলাব পাৰে।
এনে হ’লে নিয়মীয়াকৈ ভালদৰে দাঁত ব্রাছ কৰা ফ্লছ কৰিলে আৰু দন্ত চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰিলে আৰোগ্য লাভ কৰিব পাৰি। দাঁতৰ এনে ৰোগ হ’লে দাঁতৰ পৰিবেষ্ট হাড় আৰু কলাৰ বিশেষ ক্ষতি নহয়। এনে অৱস্থাত যদিহে উপযুক্ত চিকিৎসা কৰা নহয় তেতিয়াহ’লে পায়োৰিয়াই গা কৰি উঠে। এনে হোৱাৰ লগে লগে দাঁতৰ চাৰিওফালে আলু ফুলি উঠে আৰু আৰম্ভ হয় সংক্রমণ।
আক্ৰান্তৰ বিষয়ে কেনেদৰে জানিব?
এই লক্ষণসমূহৰ ভিতৰত অন্যতম-
# সাধাৰণতে মুখৰ পৰা দুৰ্গন্ধ ওলাব ধৰে। এই দুর্গন্ধ সহজে আঁতৰ নহয়।
#তদুপৰি আক্ৰান্ত আলু ৰঙা পৰাৰ লগতে ফুলি উঠে।
#আলুৰ পৰা তেজ ওলােবাৰো আশংকা নথকা নহয়।
#সাধাৰণতে খাদ্যবস্তু চোবোৱাৰ লগে লগে বিষাবলৈ আৰম্ভ কৰে।
#দাঁতৰ সিৰসিৰণিও হোেৱাৰ আশংকা নুই কৰিব নোৱাৰি।
#তদুপৰি দাঁত সৰিব পাৰে আৰু দীঘল দেখা যায়।
$ এই ৰোগ হোৱাৰ কাৰণসমূহ:
• সাধাৰণতে ডায়েবেটিছত আক্রান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ব থাকে। সেইবাবে সংক্ৰমণৰ আশংকা থাকে। বিশেষকৈ আলুৰ সংক্ৰ অতি সহজেই হ’ব পাৰে।
• এইখিনিতে উল্লেখ কৰিব পাৰি যে ধূমপানৰ বাবেও এনে ৰোগ হয় আনহাতে, যিসকল চেইন স্ম’কাৰ তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো সমস্যাই গা কৰি উঠে।
• তুলনামূলকভাৱে মহিলাসকলৰ ক্ষেত্ৰত যেতিয়া হৰম’নৰ পৰিৱৰ্তন হ’বলৈ ধৰে তেতিয়াও সহজেই হ’ব পাৰে জিঞ্জিভাইটিছ। যুৱতীসকলৰ ক্ষেত্ৰতো হৰম’নৰ পৰিৱৰ্তনৰ সময়ত এনে সমস্যাই গা কৰি উঠাৰ আশংকা নুই কৰিব নোৱাৰি।
• কিছুমান ৰোগ বিশেষকৈ কেন্সাৰ, এইডছ আদিৰ চিকিৎসা কৰিলেও দাঁতৰ আলুৰ ওপৰত প্ৰভাৱ পৰে।
• কেতিয়াবা কিছুমান ঔষধ দীর্ঘদিন ধৰি ব্যৱহাৰ কৰাৰ ফলত লালটি নিঃসৰণ হ্রাস পায়। যদিহে উপযুক্তভাৱে লালটি নিঃসৰণ নহয়, তেতিয়াহ’লে দাঁতৰ আলু আদিও সহজেই সংক্রমণ হ’ব পাৰে।