Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Average Age Of BJP Candidates Will Be 55 Years:বিজেপি প্ৰাৰ্থীৰ গড় বয়স হ’ব ৫৫ বছৰ

২০২৪ত এশজন সাংসদে প্রার্থিত্ব হেৰুৱাব শাসক দলৰ, বয়োজ্যেষ্ঠ মন্ত্রী-সাংসদো বঞ্চিত হ'ব, ৫০ শতাংশ ভোট দখলৰ লক্ষ্য মোদীৰ, ৩৫০ আসনত জয়ৰ পৰিকল্পনা

publisher by publisher
December 26, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Average Age Of BJP Candidates Will Be 55 Years:বিজেপি প্ৰাৰ্থীৰ গড় বয়স হ’ব ৫৫ বছৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Average Age Of BJP Candidates Will Be 55 Years:

যুৱ প্রজন্মক সন্মুখত লৈ পুনৰ দিল্লী দখলৰ পৰিকল্পনা ৰচিছে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে। সকলো পৰিকল্পনা মতে আগবাঢ়িলে সমাগত লোকসভা নির্বাচনত বিজেপিয়ে প্রার্থিত্বৰ পৰা বঞ্চিত কৰিব পাৰে বৰ্তমানৰ কমেও এশজন সাংসদক।

ADVERTISEMENT

বিগত দুদিন ধৰি অনুষ্ঠিত দলৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ বৈঠকত হোৱা আলোচনাৰ প্ৰসংগত বিজেপিৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি – আসন্ন লোকসভা নির্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলৰ গড় বয়স ৫৫লৈ কমাই অনাৰ পৰিকল্পনা কৰা হৈছে।

RelatedPosts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে

MahaKumbh:যোগী আয়োজিত’ মহাকুম্ভত ভুলত্ৰুটিৰ ক্ষমা প্রার্থী মোডী

লক্ষ্যণীয় যে ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰিছিল ১০৪ জনকৈ সাংসদ। উক্ত তালিকাত আছিল দলৰ প্ৰথম শাৰীৰ কে’বাজনো নেতাৰ নাম। সেই বছৰ প্ৰাক্তন উপ-প্রধানমন্ত্রী লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ নেতাক প্রার্থিত্বৰ তালিকাত স্থান দিয়াৰ পৰা বিৰত আছিল যোশী, সুমিত্রা মহাজনৰ দৰে জ্যেষ্ঠ বিজেপি নেতৃত্ব।

সমাগত ২০২৪ৰ লোকসভা নির্বাচনতো বিজেপিয়ে পূৰ্বৰ পথকে অনুসৰণ কৰি গড় হিচাপে ৫৫ বছৰ বয়সৰ প্রার্থীক দলীয় প্রার্থিত্ব প্রদানৰ পোষকতা কৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পূৰ্বৰ নীতিকে অনুসৰণ কৰি এইবাৰো কমেও এশ সাংসদক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রার্থী তালিকাৰ পৰা বাদ দিয়াৰ কথা ভাবিছে।

ইয়াকে লৈ স্বাভাৱিকতে দলৰ মজিয়াত এতিয়া প্রশ্ন উত্থাপন হৈছে যে বর্তমানেও ৭৫ বছৰ নহ’লেও এইবাৰব লোকসভা নির্বাচনত বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা ৰাজনাথ সিং, নীতিন গাডকাৰীৰ দৰে প্রবীণ নেতাসকলো প্রার্থিত্বৰ পৰা বঞ্চিত হ’ব নেকি?

২০২৪ৰ লোকসভা নির্বাচনত পুনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ বিজেপিয়ে এইবাৰো যুব প্ৰজন্মক সন্মুখলৈ অনাৰ লক্ষ্য লৈছে। উল্লেখ্য যে যোৱা দুদিন ধৰি অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহক বৈঠকত শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশ লোৱাৰ বিপৰীতে শনিবাৰে গৃহমন্ত্রী অমিত শ্বাহে যোগদান কৰে ।

এই বৈঠকতে বিজেপিয়ে লক্ষ্য নির্ধাৰণ কৰে যে এইবাৰৰ নিৰ্বাচনত দলটোৱে মুঠ ভোটৰ ৫০ শতাংশ ভোট নিজৰ দখললৈ আনিবলৈ চেষ্টা চলাব। বিজেপিয়ে দলৰ সৰ্বস্তৰৰ নেতা-কর্মীসকলক দায়িত্ব অর্পণ কৰিছে যে ৫০ শতাংশ ভোট অর্জনৰে বিজেপিয়ে এইবাৰৰ লোকসভা নির্বাচনত অন্ততঃ ৩৫০ খন আসন দখল কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হ’ব লাগিব।

২০১৪ৰ লোকসভা নির্বাচনত দলটোরে ২৮২ খন আসনত বিজয়ী হৈ নিবকুংশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল যদিও প্রধানমন্ত্রী মোদী নেতৃত্বাধীন বিজেপি চৰকাবখনে মাথোঁ ৩১ শতাংশহে ভোট লাভ কৰিছিল। সেই সূত্রে বিৰোধী পক্ষই বিজেপিক সঘনাই আক্রমণ কৰিছিল যে দেশৰ দুই তৃতীয়াংশ লোকে বিজেপিক ভোট দিয়া নাছিল।

আকৌ ২০১৯ ত বিজেপিৰ আসন সংখ্যা ৩০৩ খনলৈ বৃদ্ধি পাইছিল। অৱশ্যে আসন সংখ্যা বৃদ্ধিৰ লগতে এইবাৰৰ নির্বাচনত বিজেপিয়ে লাভ কৰা ভোটৰ হাৰো ৩৭.৩৬ শতাংশলৈ উর্ধ্বমুখী হৈছিল।

স্বাভাৱিকতে ২০১৯ৰ নিৰ্বাচনী ফলাফলক লৈ উৎফুল্লিত প্রধানমন্ত্রী মোদীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত ভোটৰ হাৰ পূৰ্বতকৈও বৃদ্ধি কৰি ৫০ শতাংশ অতিক্রম কৰাৰ বাবে দলৰ নেতা-কর্মীসকলক এক ‘মিছন’ৰ মানসিকতাৰে কাম কৰিবলৈ নির্দেশ দিছে।

বিগত দুদিন ধৰি অনুষ্ঠিত দলৰ উচ্চস্তবীয় বৈঠকৰ প্ৰসংগত দলৰ শীর্ষ সূত্রটোরে এই কথাও জনায় যে প্রধানমন্ত্রী মোদীয়ে দলব নেতা-কর্মীসকলক কৈছে যে বিৰোধী পক্ষই সমগ্র দেশজুৰি যি নেতিবাচক প্রচাৰ আৰম্ভ কৰিছে তাৰ যোগাত্মক উত্তৰ হিচাপে দলৰ নেতা-কর্মীসকলে তথ্য আৰু পৰিসংখ্যা ৰাইজৰ ওচৰত দাঙি ধৰিব লাগিব ৷

বিশেষকৈ সামাজিক মাধ্যমকে ধৰি ইন্টাৰনেটৰ ক্ষেত্ৰখনত দলীয় নেতা-কর্মীসকলে নিজস্ব বক্তব্য আক্রমণাত্মক ভংগীৰে উপস্থাপন কৰিব লাগিব বুলিও পৰামৰ্শ দিয়ে। বিশেষকৈ মোদী চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে দেশৰ ক’লৈকে বিভিন্ন সুবিধাসমূহ উপলব্ধ হৈছে সেই তথ্যসমূহ ৰাজহুৱা কৰিবলৈ নির্দেশ দিয়া হৈছে।

ইফালে, বিজেপি ক্ষমতাত নথকা ৰাজ্যসমূহত বিশেষকৈ পশ্চিমবংগত কেন্দ্ৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ ৰূপায়ণ কৰাত সংশ্লিষ্ট ৰাজ্যসমূহে অনীহা প্রকাশ কৰাৰ প্ৰসংগত প্রধানমন্ত্রী মোদীয়ে বিজেপিৰ নেতাসকলক আহ্বান জনাইছে যাতে এই বিষয়ে আক্রমণাত্মক প্ৰচাৰ চলাব লাগে আৰু দেশৰ কোন কোন লোকে এই আঁচনিৰ সুবিধা পাইছে সেই কথাও অৱগত কৰিব লাগে।

ইতিমধ্যে মোদী চৰকাৰৰ বিভিন্ন আঁচনি, মোদীৰ গেৰাণ্টিৰ প্ৰচাৰৰ বাবে ‘বিকশিত ভাৰত সংকল্প যাত্রা’ আৰম্ভ হোৱাৰ প্ৰসংগ উনুকিয়াই প্রধানমন্ত্রীয়ে দলৰ নেতাসকলক চৰকাৰখনৰ কাম-কাজক লৈ প্ৰচাৰ আৰম্ভ কৰিবলৈও নির্দেশ দিয়ে।

উল্লেখ্য যে হিন্দী বলয়ৰ তিনিখনকৈ বাজ্যৰ বিধানসভা নির্বাচনত দলৰ বিজয়ৰ পাছত প্রধানমন্ত্রী মোদীয়ে দলীয় কর্মীসকলক উদ্দেশি কৈছিল যে তিনি বাজ্যৰ ফলাফলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ হেট্রিক নিশ্চিত কৰিছে। বিৰোধীৰ জাতি পিয়লৰ দাবীৰ প্ৰত্যুত্তৰত মোদীয়ে কৈছিল যে বিজেপিৰ বাবে চাৰিটাই জাতি আছে সেয়া হ’ল মহিলা, দৰিদ্র, যুৱ প্রজন্ম আৰু কৃষক।

বিজেপিৰ বৈঠকতো প্রধানমন্ত্রী মোদীয়ে এই চাৰিওটা শ্ৰেণীৰ ভোটবেংকৰ ওপৰত বিশেষ দৃষ্টি দিবলৈ দলৰ নেতা-কর্মীসকলক আহ্বান জনাইছে। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন আভ্যন্তৰীণ সমীক্ষাৰ জৰিয়তে বিজেপি নেতৃত্বই মন কৰিছে যে দেশৰ অন্ততঃ ১৬০ টা লোকসভা সমষ্টিত দলৰ সাংগঠনিক স্থিতি টনকিয়াল কৰাৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে।

এইসমূহ সমষ্টিত বিজেপিয়ে পূর্বে অতি ব্যৱধানৰ ভোটৰ হাৰত বিজয়ী হৈছিল বা পূর্বে কেতিয়াও বিজয়ী হোৱাই নাছিল। এই সমষ্টিসমূহত দলৰ সংগঠন সুদৃঢ় কৰাৰ বাবে দলৰ বহু সংখ্যক জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় মন্ত্রীক বিশেষভাবে দায়িত্ব দিয়া হৈছিল। বিগত দুদিন ধৰি অনুষ্ঠিত বৈঠকত ইংগিত দিয়া হয় যে এই সমষ্টিসমূহত নির্ধাৰিত সময়তকৈ পূর্বে বিজেপিয়ে প্রার্থীৰ নাম ঘোষণা কৰিব।

# বয়স আৰু পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কবি টিকটৰ পৰা বঞ্চিত হ’ব পাৰে বহু সাংসদ:

সমাগত লোকসভা নির্বাচনত বিজেপিয়ে ৫০ শতাংশ ভোট লাভৰ লক্ষ্যৰে যি পৰিকল্পনা যুগুতাই উলিয়াইছে এই পৰিকল্পনাৰ আধাৰত যুৱ প্ৰজন্মৰ নেতাক প্রার্থিত্ব দি বয়োজ্যেষ্ঠ আন বহু নেতাক প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ সম্ভাৱনা আছে।

গড় হিচাপে ৫৫ বছৰ বয়সৰ প্রার্থিত্ব দিয়াৰ পোষকতা কৰা বিজেপি নেতৃত্বই যিসকল বৰ্তমানৰ সাংসদে বিগত সময়ছোৱাত সমষ্টিৰ উন্নয়নমূলক কাম-কাজত চমকপ্রদ সফলতা প্রদর্শন কৰাত ব্যর্থ হৈছে তেনে সাংসদকো প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা যুগুতাইছে বিজেপি নেতৃত্বই। অৱশ্যে বয়সৰ যি সীমাৰেখা নির্ধাৰণ কৰা হৈছে এই আওতাত নপৰাকৈ ব্যতিক্রম হিচাপে থাকিব প্রধানমন্ত্রী মোদীকে ধৰি কে’বাজনো জ্যেষ্ঠ নেতা।

বয়সৰ দিশেৰে এইবাৰ প্রার্থিত্ব লাভ নকৰিবও পাৰে মথুৰাৰ সাংসদ হেমা মালিনীয়ে। যিহেতু একালৰ মোহময়ী অভিনেত্ৰীগৰাকীৰ বয়সে প্রায় ৭৫ বছৰ স্পর্শ কৰিছে সেয়েহে বয়সৰ দিশেৰে হেমা মালিনীয়ে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

একেদৰে প্রয়াগবাজৰ সাংসদ ৰীতা বহুগুণা যোশী, বয়স কম হ’লেও মেনকা গান্ধী আৰু তেওঁৰ পুত্র বৰুণ গান্ধীও তালিকাত স্থান লাভৰ পৰা বঞ্চিত হ’ব পাৰে। দলীয় সূত্ৰৰ মতে এইবাৰ প্রার্থিত্ব নাপাবও পাৰে দিল্লীৰ গৌতম গম্ভীৰসহ দুই সাংসদ, প্রাক্তন স্বাস্থ্য মন্ত্রী ডাঃ হর্ষবর্ধন তথা শিল্পী-ৰাজনীতিক হংসৰাজ হংসই।

লক্ষ্যণীয় যে নতুন প্রজন্মৰ ৰাজনীতিকক আগস্থান তথা নেতৃত্ব বহনৰ দায়িত্ব দিয়াৰ বাবে বিজেপিয়ে গ্রহণ কৰা ৰণকৌশলৰ অংশৰূপে শেহতীয়াকৈ মুখ্যমন্ত্রীব পদত অধিষ্ঠিত হোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল দলৰ তিনিজনকৈ জ্যেষ্ঠ নেতা ক্রমে শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু ৰমণ সিং।

মুখ্যমন্ত্রী পদৰ এই তিনিজন অভিজ্ঞ প্রার্থীক অনায়াসে মুখ্যমন্ত্রীৰ আসনত বহাৰ পৰা বঞ্চিত কৰা বিজেপিৰ বাবে হয়তো এইবাৰ কে’বাজনো শীর্ষ নেতাক লোকসভা নিৰ্বাচনৰ প্রার্থিত্ব নিদিয়াটো এটা সাধাৰণ কথা হিচাপে গণ্য হ’ব।

বিশেষকৈ কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং, নীতিন গাডকাৰী আদিৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহ। লক্ষ্যণীয় যে কালি বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকখনত অংশ লোৱা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে লোকসভা নিৰ্বাচনৰ বাবে প্রার্থী তালিকা যথাসম্ভব শীঘ্রে চূড়ান্ত কৰাত গুৰুত্ব আৰোপ কৰিছে।

যিহেতু বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলৰ সংখ্যা পূর্বতকৈ বহুখিনি কমিছে সেয়েহে পূৰ্বৰ দুটা নিৰ্বাচনৰ তুলনাত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে আৰু অধিক সংখ্যক আসনত নির্বাচনী যুঁজত অবতীর্ণ হ’ব লাগিব। সেই সূত্রে এনে সমষ্টিসমূহৰ বাবে বহু আগতীয়াকৈ প্রার্থী তালিকা চূড়ান্ত কৰাত গুৰুত্ব দিছে শ্বাহে।

কালিৰ বৈঠকখনৰ উদ্ধৃতি দি বিজেপিৰ সূত্ৰটোৱে সদৰী কৰা মতে, দলত এনে বহু সাংসদ আছে যিসকলে পূর্বে কে’বাটাও নির্বাচনত অবতীর্ণ হৈ বিজয়ী হৈ আহিছে। এইসকল সাংসদকো দলীয় প্রার্থিত্ব দিয়াৰ পৰিৱৰ্তে সংশ্লিষ্ট সমষ্টিসমূহত নতুন মুখৰ প্রার্থীক প্রার্থিত্ব দিয়াৰ পোষকতা কৰিছে দলৰ কেন্দ্ৰীয় নেতৃত্বই।

অৱশ্যে এই ক্ষেত্রত দলে কোনো ব্যক্তিগত সংস্থাৰ জৰিয়তে সমষ্টিভিত্তিক সমীক্ষা চলাই বিজয়ৰ সম্ভাৱনা থকা প্রার্থীকহে প্রক্ষেপ কৰিবলৈ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। ইতিমধ্যে প্রধানমন্ত্রী মোদীৰ নামত থকা ‘নমো এপ’ৰ জৰিয়তে সাংসদসকলৰ সফলতা-বিফলতাক লৈ সমীক্ষা আৰম্ভ কৰিছে দলটোৱে।

উল্লেখ্য যে সদ্যসমাপ্ত ছত্ৰীশগড়, ৰাজস্থান, মধ্য প্রদেশ আৰু তেলেংগানাৰ বিধানসভা নির্বাচনত বিজেপিয়ে দলৰ ২১ জন সাংসদক প্রার্থীৰূপে প্রক্ষেপ কৰিছিল। এওঁলোকৰ ভিতৰত আছিল কে’বাজনো কেন্দ্রীয় মন্ত্রীও।

এই ২১ জন সাংসদৰ ভিতৰত ১২ জনে বিধায়ক হিচাপে নির্বাচিত হৈছে আৰু আন নজন পৰাজিত হৈছে। বিজেপিয়ে সিদ্ধান্ত লৈছে যে বিধানসভা নির্বাচনত বিজয়ী বা পৰাজিত হোৱা এই ২১ জন সাংসদক আৰু কোনোপধ্যে লোকসভা নির্বাচনৰ টিকট দিয়া নহয়।

সংশ্লিষ্ট সমষ্টিসমূহত নতুন মুখৰ সন্ধান চলোৱা হ’ব। বিশেষকৈ উত্তৰ প্ৰদেশত এইবাৰ অন্তত ১৫ জন সাংসদে পুনৰ দলীয় টিকট পোৱাৰ সম্ভাৱনা নাই বুলি দলৰ শীৰ্ষ সূত্রটোরে কালি অনুষ্ঠিত বৈঠকত হোৱা আলোচনাৰ উদ্ধৃতি দি সদৰী কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Average Age 55 YearsBJP CandidatesLoksabha Election 2024PM ModiUnion Home Minister Amit Shah
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d