Guwahati Bongaon Murder Incident:মহানগৰীৰ বৰাগাৱঁৰ লোমহৰ্ষক ঘটনাৰ কন্যাৰ পাছত আহত পিতৃৰো মৃত্যু

murder new

Guwahati Bongaon Murder Incident:

মহানগৰীৰ বৰাগাঁৱত বুধবাৰে সন্ধিয়া নিজ বাসগৃহতে অচিনাক্ত ঘাতকৰ আক্ৰমণৰ বলী হৈ গুৰুত্বৰভাৱে আহত হৈ জি এম চি এইছত মৃত্যুৰ স’তে যুঁজ দি অৱশেষত নিষ্টুৰ নিয়তিৰ ওচৰত হাৰ মানিলে বনজিৎ দাসে ৷

উল্লেখ্য যে, বুধবাৰেই সন্ধিয়া দুবৃর্ত্তৰ দাৰ ঘাপত বনজিৎ দাসৰ সপ্তম শ্ৰেণীৰ অধ্যয়নৰত কন্যা দিদীক্ষা দাসৰ থিতাতে নিহত হৈছিল।

মনকৰিবলগীয়া যে, লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল বনজিৎ দাসৰ পত্নী ৷ নগাঁৱৰ আত্মীয় ঘৰত আছিল পত্নী ৷ এনে প্ৰেক্ষাপটত কোনে কি উদ্দেশ্যৰে অতি নিৰ্মমভাবে পিতৃ- কন্যাক হত্যা কৰিলে ৷ এই সম্পৰ্কত কোনো তথ্য পোহৰলৈ অহা নাই যদিও মহানগৰ আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত ৷

আনহাতে স্থানীয় প্ৰতিবেশীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে বুধবাৰে ঘটনাটোৰ সংঘটিতৰ কিছু সময় পূৰ্বে বনজিতৰ ককায়েক আৰু তেওঁৰ গাড়ী চালকক ৰাজপথত প্ৰত্যক্ষ কৰা হৈছিল ৷ কিন্ত তেওঁলোক বাসগৃহৰ ভিতৰত সোমাইছিল নে নাই এই বিষয়ে অৱশ্যে অজ্ঞতা প্ৰকাশ কৰে ৷

ইপিনে স্থানীয় লোকৰ ভাষ্য অনুসৰি বনজিতৰ ককায়েক আৰু গাড়ী চালকক আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷ আৰক্ষীয়ে তাৎক্ষণিক তদন্তত হে পোহৰলৈ আহিব সমস্ত ঘটনাটোৰ ৰহস্য ৷

Exit mobile version