Tezpur:দেশত ভয়ংকৰ ভাইৰাছ হিমন্ত’ শীর্ষক বেনাৰ আৰি

তেজপুৰত আৰক্ষীৰ জালত মুকুট

tezpur 1

Tezpur:

তেজপুৰৰ বিভিন্ন স্থানত সম্প্ৰতি এখন বিশেষ বেনাৰ দেখা গৈছিল। বেনাৰখনত লিখা আছিল কবিতাৰ নাম ‘দেশত ভয়ংকৰ ভাইৰাছ হিমন্ত‘। উন্মোচক অখিল দা, কবি প্রিয় মুকুট। ৩০ ডিচেম্বৰত এম পি প্রডাকছনৰ ৰূপালী জয়ন্তী বর্ষৰ আৰস্তুত কবিতাটো উন্মোচন কৰা হ’ব বুলি বেনাৰখনত পৰিচালক মুকুট পটংগীয়াই উল্লেখ কৰিছিল।

কৌশলী এই বিজ্ঞাপনৰ পাছতেই তৎপৰ হ’ল আৰক্ষী। এই ভাইৰাছ হিমন্ত নতুবা উন্মোচক অখিল দা বা কোন? কাকতালীয় সংযোগ নে কৌশলী প্ৰচাৰ? আৰক্ষীয়ে এই বেনাৰসমূহ কালি ফালি এই প্ৰচাৰৰ দায়িত্বত থকা বুলি বেনাৰখনত ফোন নম্বৰসহ উল্লেখ থকা মুকুট পটংগীয়াক তলব কৰিলে তেজপুৰ আৰক্ষীয়ে।

ইয়াৰ পূর্বেই তেজপুৰৰ বিভিন্ন স্থানত লগোৱা এই বেনাৰখনৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল বিজেপি দলে। পাছত থানাত উপস্থিত হোৱা প্ৰচাৰক মুকুট পটংগীয়াই আৰক্ষীক জনাই যে এই কবিতাৰ কবি তেৱেঁই।

তেওঁৰে ছদ্ম নাম প্রিয় মুকুট। তদুপৰি ভাইৰাছ হিমন্ত মানে বেয়া নহয়। এয়া ভাল ভাইৰাছহে। তেওঁ হেনো ইতিবাচক তুলনাহে কৰিছে । তদুপৰি উন্মোচক অখিলদাজনো কৃষক নেতা নাইবা বৰ্তমানৰ বিধায়কজন নহয়।

এইজনো পৃথক। মুঠতে কবি, কবিতা, কবিতাৰ নাম আৰু প্ৰচাৰে তেজপুৰ আৰক্ষীক কিছুসময়লৈ জ্বলা-কলা খুৱালে। কবিৰো হয়তে এই বেনাৰৰ আৰু কবিতাৰ নামকৰণৰ উদ্দেশ্য সফল হ’ল ।

Exit mobile version