All Assam Primary Teachers Forum Press Release:অৱসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত যোগ্যতা সম্পন্ন শতাধিক শিক্ষক, বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলক টিউটৰৰ পৰিবৰ্ত্তে শিক্ষক পদত নিযুক্তি প্রদানৰ আহ্বান

protest

All Assam Primary Teachers Forum Press Release:

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ তথা পুনৰ নিযুক্তিৰ ব্যৱস্থাৰে ২০২১ বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত বিশাল সভা আয়োজন কৰি ৪৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ বিতৰণ কৰিছিল।

নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক খেলিমেলিৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ পৰিয়াল পোহপাল দিবৰ বাবে দিন হাজিৰা পৰ্যন্ত কৰি থকাৰ খবৰ পোৱা গৈছে ।

ইয়াৰোপৰি একাংশ বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ‘শিক্ষক’ পদৰ বিপৰীতে টিউটৰ হিচাবে নিযুক্তি গ্রহণ কৰিব লগা হ’ল । নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা এনেধৰণৰ সকলো বিসংগতি মাত্র ৪৫ দিনৰ ভিতৰতে অনলাইন এপ প্ৰস্তুত কৰি সমাধান কৰা হব বুলি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সেই সময়ৰ শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও অদ্যপৰিমিত কোনো এটা সমস্যা সমাধান হোৱা নাই ।

তাৰোপৰি সেই একেখন সভাতে মুখ্যমন্ত্রী শৰ্মাই শিক্ষক সকলে অৱসৰৰ পাছত দহ লাখ টকাৰ গ্ৰেছুইটি আৰু পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে অৱসৰ গ্রহণ কৰা কোনো এজন শিক্ষকেও দহলাখ টকা বাদেই এটা ফুটাকড়িও লাভ নাই বুলি জানিব পৰা গৈছে । বিগত ২০২১ চনৰ ৩০ জানুৱাৰীত নিযুক্তি পত্ৰ গ্রহণ কৰি শিৱসাগৰ জিলাৰ ডিমৌ শিক্ষা খণ্ডৰ অন্তর্গত ৩ নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা মুখেশ্বৰ গগৈ,বালিবৰ প্ৰাথমিক বিদ্যালয়ৰ ভদ্ৰ ৰাম গায়ন, ৰাইচাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰিয়লতা ভূঞা, নাজিৰা শিক্ষাখণ্ডৰ অন্তর্গত কাৰচোৱা প্ৰাথমিক বিদ্যালয়ৰ ৰূপালীম গগৈ, আমগুৰি শিক্ষা খণ্ডৰ অন্তর্গত ম: মনোৱাৰ আলি, সোণাৰি শিক্ষাখণ্ডৰ অন্তর্গত ভাৰতী বৰগোহাঁই , লখিমপুৰ জিলাৰ জ্ঞানদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ তিলো গগৈ শইকীয়া, বিনো হাজৰিকা গগৈ, ২৫৩ নং চিয়াজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰদীপ সভাপণ্ডিত ,চৌখাম শংকৰদেৱ বিদ্যালয়ৰ যোগ শইকীয়া দাস,হেমা শইকীয়া, জোনাকী ৰাজখোৱা,নাওবৈচা শিক্ষাখণ্ডৰ মোহন শইকীয়া, গজেন পায়েং, আব্দুল ছিদ্দিক, ৰাতুল শৰ্মা,ভদ্রভদ্রা ডেকা, গোপীকান্ত মেধিকে প্ৰমুখ্য কৰি ৰাজ্যৰ বহু সংখ্যক শিক্ষক- শিক্ষয়িত্রী ইতিমধ্যে অৱসৰ গ্রহণ কৰিছে যদিও কোনো এগৰাকী শিক্ষকেও অৱসৰ কালীন সুবিধা লাভ কৰা নাই ।

সেয়েহে শিক্ষক সকলে এই নিযুক্তি প্ৰক্ৰিয়া তথা নিয়মীয়াকৰণ ব্যৱস্থাক কণা হাঁহক পতান ধান দিয়া বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।

সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক ইতিমধ্যে অৱসৰ গ্রহণ কৰা আৰু বিনা বেতনেৰে মৃত্যুবৰণ কৰা শিক্ষক সকলৰ পৰিয়ালবর্গক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে । \

Aতাৰোপৰি নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকলক অতি সোনকালে নিযুক্তি পত্ৰ প্ৰদান কৰা, বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলক টিউটৰৰ পৰিবৰ্তে শিক্ষক পদত নিযুক্তি দিয়া, টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবেও চৰকাৰক আহ্বান জনাইছে । ইতিমধ্যে অৱসৰ গ্রহণ কৰা শিক্ষক- শিক্ষয়িত্রী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নিযুক্তি প্রদান অনুষ্ঠানত ঘোষণা কৰা অনুসৰি দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰি দিবৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মৰত প্ৰাথমিক শিক্ষক মঞ্চই ।

তাৰোপৰি নতুন নিযুক্তি ব্যৱস্থাত অৱসৰৰ পাছত শিক্ষক সকলে পেঞ্চন পাবলৈ সক্ষম হবনে নহয় সেই দুঃচিন্তা লৈ কাম কৰিব লগা হৈছে বুলি শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছে । সেয়েহে আজিৰ পৰা প্ৰায় পঁচিশ ত্ৰিশ বছৰ পূর্বে চৰকাৰী নীতি অনুসৰি নিযুক্তি লাভ কৰা শিক্ষকসকলক বৰ্তমান দিয়া নতুন স্কেলপে’ৰ পৰিবৰ্তে পুৰণি স্কেলপে’ প্ৰদান কৰিবৰ বাবে সন্থাৰ সভানেত্রী আৰু সম্পাদকে চৰকাৰৰ ওচৰত আন এটা মুখ্য দাবী উত্থাপন কৰিছে ।

Exit mobile version