Mayor Mrigen Sarania’s Press Conference On Property Tax:সম্পত্তি কৰ সন্দৰ্ভত সংবাদমেল মেয়ৰ মৃগেন শৰনীয়াৰ

কৰ আদায় নিদিয়া সকললৈ সতৰ্কবাণী, কৰ আদায় নিদিলে বাজেয়াপ্ত হ'ব সম্পত্তি, কৰ্তন হ'ব বিদ্যুৎ যোগান সেৱা, ডেডলাইন ৩১ জানুৱাৰী বান্ধি দিলে, ১০০ কোটি কৰ সংগ্ৰহৰ লক্ষ্য পৌৰ নিগমৰ

sarania

Mayor Mrigen Sarania’s Press Conference On Property Tax:

ভোগালী বিহুৰ প্ৰাকমুহূৰ্তত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰনীয়াৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷

সম্পত্তি কৰ সন্দৰ্ভত অনুষ্ঠিত সংবাদমেল খনত উল্লেখ কৰে যে, ২০০৮ ৰ নিৰিখ অনুসৰি ৯১হাজাৰ হ’ল্ডিঙে পুৰনা নিৰিখ অনুসৰি টেক্স দি আছে ৷

একেদৰে বৰ্তমান ডেৰ লক্ষাধিক মানুহে নতুন নিৰিখ অনুসৰি দি থকাৰ বিপৰীতে ৯১ হাজাৰে নতুন নিৰিখ অনুসৰি কৰ দিয়া নাই ৷

মেয়ৰ গৰাকীয়ে এই পৰ্যন্ত কৰ আদায় নিদি হাত সাবটি বহি থকা কৰদাতা সকললৈ সতৰ্কবাণী জনায় কয়, যিসকলে কৰ আদায় দিয়া নাই, তেওঁলোকে ৩১ মাৰ্চৰ ভিতৰত আদায় দিয়াৰ আহ্বান ৷

মাঘবিহুৰ সময়ত ৫০% কৰ আদায় দিলে পেনাল্টি নভৰাকৈ দিব পাৰিব ৷ আনহাতে দীৰ্ঘদিন ধৰি কৰ নিদিয়া সকলক ৩১ জানুৱাৰীৰ ভিতৰত কৰ আদায় দিবলৈ আহ্বান ৷ অন্যথা জব্দ হ’ব পাৰে সম্পত্তি ৷ নতুবা বাতিল হ’ব পাৰে হ’ল্ডিং নম্বৰ আৰু কৰ্তন হ’ব বিদ্যুৎ যোগান সেৱা ৷

মেয়ৰ শৰণীয়াই সংবাদমেলত পৌৰ নিগমে চলিতবৰ্ষত এশ কোটি টকা সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে বুলি উল্লেখ কৰে ৷

স্বচ্ছ পৰ্যৱেক্ষনত গুৱাহাটীৰ স্থান অৱনমিত হোৱাৰ সন্দৰ্ভত মেয়ৰ গৰাকীয়ে কয়,স্বচ্ছ সৰ্বেক্ষণ ২০২২ৰ ডাটাৰ ভিত্তিত দিয়া হৈছে ৷

আনহাতে গুৱাহাটীবাসীৰ ঘৰেঘৰে জাবৰ পৃথকীকৰণ কৰিব লাগে যদিও সেই ব্যৱস্থা পূৰ্বতে নাছিল ৷ কিন্ত এতিয়া সেই ব্যৱস্থা নিগমে নিৰন্তৰভাৱে অব্যাহত ৰাখিছে ৷ আমাৰ চেগ্ৰিগেছন ব্যৱস্থা নাই ৷ এইসকলো বোৰ হ’লে আমি আগন্তুক দিনত ১০০ ৰ ভিতৰত থাকিম ৷

স্বচ্ছ পৰ্যৱেক্ষন কৰা হয় জুলাই আগষ্ট মাহত ৷ কিন্ত সেই সময়ত গুৱাহাটীত বানপানী হয় ৷ উল্লেখ কৰিব পাৰি যে,গুৱাহাটী পৰিস্কাৰৰ ক্ষেত্ৰত গুৱাহাটীবাসীয়ে খুব ভাল মন্তব্য দিছে ৷

মেয়ৰ শৰণীয়াই সংবাদমেলত সদৰি কৰি কয়,গুৱাহাটীত ৬০টা পাব্লিক টয়লেটৰ ব্যৱস্থা কৰা হৈছে ৷ অচিৰেই আৰু এশটা পাব্লিক টয়লেট নিৰ্মাণ কৰা হ’ব মহানগৰীত ৷
এই ব্যৱস্থা আনুষ্ঠানিকভাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বুলি উল্লেখ কৰে গুৱাহাটী পৌৰনিগমৰ মুৰব্বী গৰাকীয়ে ৷

Exit mobile version