CM Said A Case Would be Filed Against Rahul Gandhi:ৰাহুল গান্ধীৰ বিৰুদ্ধে হ’ব গোচৰ ৰুজু

আৰক্ষীয়ে বিধিগতভাৱে ল'ব ব্যৱস্থা, লোকসভা নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী

himanta bs

CM Said A Case Would be Filed Against Rahul Gandhi:

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সমদল জি এছ ৰোডৰে গুৱাহাটী মহানগৰত সোমাব চেষ্টা কৰাৰ সময়তে খানাপাৰাত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দায়ী কৰে ৰাহুল গান্ধীক

আৰক্ষীৰ বেৰিকেড ভাঙি একাংশ কংগ্ৰেছীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীৰে হতাহতি কৰা আদি কাৰ্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিজিপিক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সম্পৰ্কত কয়, ৰাহুল গান্ধীয়ে তিনিহেজাৰ সমৰ্থক আৰু দুশ গাড়ীৰে জি এচ ৰোডৰে মহানগৰত প্ৰৱেশ কৰিব বিচাৰিছে ৷ এখন জনপূৰ্ণ আৰু ব্যস্ত চহৰৰ মাজেৰে এটা ইমান বৃহৎ সংখ্যক লোকৰ সমাবেশৰ সমদল যাবলৈ দিয়াটো কেতিয়াও সম্ভৱ নহয় ৷

কিন্ত প্ৰশাসনৰ প্ৰৱল বাধাকো নেওচি আৰক্ষীৰ বেৰিকেড ভাঙি আৰক্ষীয়ে হতাহতি কৰাৰ সময়ত দূৰৰ পৰা উচতনিমূলক ভাষণ দি থকা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে ৷

একেদৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ বাবেও গোচৰ ৰজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,আৰক্ষীয়ে বিধিগতভাৱে সকলো তদন্ত কৰিব ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ব ৰাহুল গান্ধীক ৷

Exit mobile version