Rahul Gandhi Nyay YatraBIn Barpeta:ৰাহুলৰ ভাৰত জোেড়া ন্যায় যাত্রাৰ প্ৰৱেশ বৰপেটাত

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব ৰাহুল গান্ধী, 'দুর্নীতিগ্রস্ত মুখ্যমন্ত্ৰী'ৰ আখ্যা ৰাহুলৰ

rahul at barpeta

Rahul Gandhi Nyay Yatra In Barpeta:

গুৱাহাটী মহানগৰত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশত আৰক্ষীৰ বাধাআৰোপৰ পাছত বুধবাৰে বৰপেটাত সমৰ্থকৰ বিপুল উছাহৰ মাজত প্ৰৱেশ কৰে ৷ জিলাখনৰ প্ৰৱেশদ্বাৰৰ পৰা ভিন্ন স্থানত গাড়ীৰ ওপৰৰ পৰাই ৰাইজক সম্বোধন কৰে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে ।

উল্লেখ্য যে,মঙলবাৰে খানাপাৰাৰ কইনাধৰাত ভাৰত জোড়ো ন্যায় যাত্ৰাক আৰক্ষীয়ে গুৱাহাটীত প্ৰৱেশ কৰিব নিদি বেৰিকেড দি পথ অৱৰোধ কৰাৰ পাছত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি পৰ্যন্ত হোৱাৰ পাছত আৰক্ষীয়ে আৰম্ভ কৰে লাঠিচাৰ্জ ৷ আনকি আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় এপিচিচিৰ সভাপতি ভূপেন বৰা,দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন শিকদাৰ সহ বহু কেইজন নেতা-কৰ্মী ৷

আনহাতে খানাপাৰাত কংগ্ৰেছ কৰ্মীৰ দ্বাৰা আৰক্ষী বেৰিকেড উফৰাই আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ কৰি বশিষ্ট আৰক্ষীয়ে ৰাহুল গান্ধী আৰু কে চি ভেনুগোপালকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে হিংসা, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তিৰ ক্ষতি অভিযোগত ৰজু কৰে গোচৰ।

যাত্ৰাৰ একাদশ দিনত ভৰি দিয়াৰ পাছত আজি বৰপেটা জিলাৰ ভেল্লাৰ পৰা আৰম্ভ হোৱা ন্যায় যাত্ৰাৰ মাজতে উত্তৰ বৰপেটাত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। এখন চাৰিচকীয়া বাহনৰ ওপৰত বহি দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক সমালোচনা কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেতাজনে তীব্ৰ সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ “আটাইতকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী”বুলি অভিহিত কৰে ।

গান্ধীয়ে আৰু কয়,মণিপুৰৰ পৰা  আৰম্ভ কৰা যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পূৰ্বে আন ৰাজ্যত কৰি আহিছে যদিও কোনো এখন ৰাজ্যতে বাধাৰ সন্মুখীন হোৱা নাছিল ৷ কিন্ত অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

মনকৰিবলগীয়া যে,গুৱাহাটীত প্ৰৱেশত বাধা দিয়াৰ বাবে দলীয় কর্মীসকলে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে চৰকাৰ আৰু কংগ্ৰেছৰ মাজত সংঘাত বৃদ্ধি পায় ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে ‘ভিৰ প্ৰৰোচিত’ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানক নির্দেশ দিয়ে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

Exit mobile version