LPG Gas Shortage In Assam:ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিৰ আশংকা !

মঙলবাৰৰ উত্তৰ-পূব Packed Lpg ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্বনৰ দ্বাৰা অনিৰ্দিষ্টকাললৈ ধৰ্মঘট আৰম্ভ

lpg

LPG Gas Shortage In Assam:

ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিৰ আশংকা ৷ থলুৱা এল পি জি ট্ৰেন্সপ’ৰ্টাৰসকলক IOCL কর্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ কৰি মঙলবাৰৰ পৰা উত্তৰ-পূব Packed Lpg ট্ৰেন্সপৰ্টাৰ এছ’চিয়েশ্বনে অনিৰ্দিষ্টকাললৈ ধৰ্মঘট আৰম্ভ কৰে ৷

ট্ৰেন্সপৰ্টাৰৰ ধৰ্মঘটৰ ফলত উত্তৰ-পূবৰ ৭টাকৈ এল পি জি প্লান্টৰ পৰিবহণ সেৱা ইতিমধ্যে বন্ধ কৰা হৈছে। একেদৰে IOCL ৰ উত্তৰ গুৱাহাটী, মির্জা, তিনিচুকীয়া, বঙাইগাঁও,দুলীয়াজান, শিলচৰ,ডিমাপুৰৰ এল পিজি প্রকল্প বন্ধ ঘোষণা কৰা হৈছে।

আনহাতে প্লান্ট বন্ধৰ ফলত বটলিং প্লান্টত আবদ্ধ হৈছে ৰন্ধন গেছ কঢ়িওৱা বাহন গেছ টেংকাৰ সমূহ ।

স্মতৰ্ৱ্য যে,IOCL ৰ এলপিজি প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধৰ ফলত ৰাজ্যত ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনিৰ আশংকা ঘৰ্ণীভূত হৈছে ৷

উল্লেখ্য যে,উত্তৰ-পূব Packed Lpg ট্ৰেন্সপৰ্টাৰ এছ’চিয়েশ্বনৰ বিভিন্ন দাবীৰ প্ৰতি IOCL কৰ্তৃপক্ষই আওকণীয়া মনোভাৱ লৈ অহাৰ লগতে প্ৰতাৰণা কৰি অহাৰ অভিযোগ কৰে সংগঠনটোৱে ৷

এনেক্ষেত্ৰত সংগঠনটোৰ ধৰ্মঘট দীঘলীয়া হ’লেই ইয়াৰ প্ৰভাৱ পৰিব অসম সহ সহ সমগ্ৰ উত্তৰ পূবত ৷

Exit mobile version