ACS Officers Arrested in Connection with Land Scam in Guwahati:মহানগৰীৰ বিয়াগোম ভূমি জালিয়াতিত গ্ৰেপ্তাৰ দুই এচিএছ বিষয়া

acs officer arrested

ACS Officers Arrested in Connection with Land Scam in Guwahati:

মহানগৰীত মাটিৰ গৰাকীৰ অগোচৰ গোপনে ভূমি নামজাৰি কৰা বিয়োগোম কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰস্থিতিৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চ ৷

মহানগৰীৰ বহুচৰ্চিত ভূমি কেলেংকাৰীৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ হ’ল দুজন এ চি এছ । বুধবাৰে অসম আৰক্ষীৰ অপৰাধ শাখাই নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত লক্ষজ্যোতি দাস আৰু স্বাস্থ্য শিক্ষাৰ উপ-সচিব লক্ষ্যজিত্‍ দুৱৰীয়াক আটক কৰি মাৰাথন জেৰা কৰাৰ অন্তত আজি দুয়োজন ৰাজপত্ৰিত বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে, আটকাধীন দুয়োজন এএচিএছ বিষয়াৰ বিৰুদ্ধে উদ্থাপিত অভিযোগ অনুসৰি দুয়ো বিষাই প্ৰকৃত ভূমিৰ গৰাকী অগোচৰে অন্য লোকৰ নামত গোপন বুজাপৰাৰে ভূমি নামজাৰি কৰিছিল ৷

মনকৰিবলগীয়া যে,বহুচৰ্চিত ভূমি কেলেংকাৰীত ইজনৰ পাছত সিজনকৈ বিষয়া- কৰ্মচাৰী আৰু লাটমণ্ডলৰ নাম সাঙোৰ খাই পৰাৰ পাছতে আৰক্ষীয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে কে’বাজনো বিষয়া – কৰ্মচাৰী সহ লাটমণ্ডলক ৷ একেদৰে গ্ৰেপ্তাৰ কৰা হৈছে মাটিৰ দালালক

উল্লেখ্য যে,আটকাধীন লক্ষ্যজ্যোতি দাস ২০১৯-২০ বৰ্ষত দিছপুৰ ৰাজহ চক্রত চক্র বিষয়া হিচাপে কৰ্মৰত হৈ থকাৰ বিপৰীতে লক্ষ্যজিৎ দুৱৰীয়া আছিল গুৱাহাটী ৰাজহ চক্রৰ তদানীন্তন চক্র বিষয়া। দুয়োজন ৰাজপত্ৰিত বিষয়া সংশ্লিষ্ট ৰাজহ চক্ৰত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত মহানগৰত সংঘটিত হৈছিল ভূৱাকৈ ভূমি নামজাৰিৰ বিয়াগোম কেলেংকাৰী ৷

ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে ভূমি জালিয়াতি কাণ্ডত জড়িত আৰু বহু কেইজন বিষয়া-কর্মচাৰীৰ লগতে লাটমণ্ডল – মাটিৰ দালালৰ তালিকা ৷ শীৰ্ঘেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব এই সকলক ৷

Exit mobile version