Land Scam:দুই এচিএছ বিষয়াৰ দুষ্কাৰ্যৰ বাবেই নিজৰ ভূমি হেৰুৱাইছিল বহু পৰিয়ালে

দিছপুৰ আৰু গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া থকাৰ সময়ত দুয়োয়ে সংঘটিত কৰিছিল দুষ্কাৰ্য, নথি জালিয়াতিত লিপ্ত অধিবক্তা-লাটমণ্ডল-উপ-পঞ্জীয়ক-দালালৰ নাম সদৰী

dispur co

Land Scam:

ৰাজ্যৰ একাংশ শীর্ষ প্রশাসনিক বিষয়াৰ নেতৃত্বত চলি থকা ভয়াৱহ দুর্নীতি, জালিয়াতিৰ অন্যতম নিদর্শন হিচাপে পৰিগণিত হৈছে বৃহস্পতিবাৰে আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰা অসম অসামৰিক সেৱা (এচিএছ)ৰ বিষয়াদ্বয় লক্ষ্যজ্যোতি দাস আৰু লক্ষ্যজ্যোতি দুৱৰীয়া।

দীঘলীয়া জেৰাৰ অন্তত বিষয়াদ্বয়ক গ্রেপ্তাৰৰ পাছত কে’বাজনো অধিবক্তা, লাটমণ্ডল আৰু উপ-পঞ্জীয়ক জালত পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে। কাৰণ ধৃত দুয়োজনে জেৰাত ভূমিৰ নথিত জালিয়াতি কার্যত সহযোগ কৰা কে’বাজনো অধিবক্তা, লাটমণ্ডল, উপ-পঞ্জীয়ক আৰু দালালৰ নাম লৈছে। এই

আটাইবোৰে মিলি বিশেষকৈ গুৱাহাটীত এনে কে’বাটাও ঘটনা সংঘটিত কৰিছিল যাৰ ফলত মাটিৰ গৰাকীয়েই নিজৰ মাটিৰ পৰা খেদা খাবলগীয়া হৈছিল। জেৰাৰ সময়ত লক্ষ্যজ্যোতি দুৱৰীয়াই এই কথা স্বীকাৰ কৰে যে অসম সাহিত্য সভাৰ তৃতীয়গৰাকী সভাপতি কালিৰাম মেধিৰ পৰিয়ালৰ এটুকুৰা ভূমি নথি জালিয়াতিৰে প্রদীপ কুমাৰ দাস নামব এজন লোকৰ নামত নামজাৰি কৰিছিল।

ইপিনে, লক্ষ্যজ্যোতি দাসে গুৱাহাটীৰ ছয়মাইলৰ ছাবিব শ্বাহ নামৰ এজন লোকৰ ভূমি নথি জালিয়াতিৰে পূর্ণিমা বনজাং নামৰ এগৰাকী মহিলাৰ নামত নামজাৰি কৰিছিল। এয়া মাত্র দুটা উদাহৰণহে।

দিছপুৰ আৰু গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া থকাৰ সময়ত এনে বহু ঘটনা দুয়োয়ে সংঘটিত কৰিছিল। এনে জালিয়াতিৰেই দুয়োজনে অতি কম দিনৰ ভিতৰত কোটি কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱাৰ তথ্য আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে।

বিশেষকৈ লক্ষ্যজ্যোতি দাসে পত্নী আৰু পৰিয়ালৰ অন্য সদস্যৰ নামত বৃহৎ পৰিমাণৰ সম্পত্তি আহৰণ কৰা বুলি অনুসন্ধানত পোহৰলৈ আহিছে।

Exit mobile version