PM Modi Announced Bharat Ratna For Veteran Leader LK Advani:বর্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানিলৈ ভাৰতৰত্ন বঁটা

বৰ্ষীয়ান ৰাজনীতিক গৰাকীলৈ এই সন্মান সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন প্রধানমন্ত্রী মোদীৰ

modi 1

PM Modi Announced Bharat Ratna For Veteran Leader LK Advani:

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰে।

কলা, সাহিত্য, বিজ্ঞান, সমাজ সেৱা আৰু ক্ৰীড়া ক্ষেত্ৰত দেশলৈ ব্যতিক্ৰমী অৱদান আগবঢ়োৱা লোকসকলক ভাৰত ৰত্ন প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৱানীক সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ দিয়াত আনন্দ প্ৰকাশ কৰে।

উল্লেখ্য বৰ্ষীয়ান ৰাজনীতিক এল কে আদৱানী পাঁচবাৰ লোকসভা আৰু চাৰিবাৰ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টী গঠনৰ পিছত এই পৰ্যন্ত কোনো এজন ব্যক্তিয়ে এই দলটোত তেওঁৰ সমান নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰা নাই। তেওঁ তিনিবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিও আছিল । ২০০২ ৰ পৰা ২০০৪ চনলৈ দেশৰ উপ-প্ৰধানমন্ত্ৰীও আছিল।

উল্লেখ্য যে,লালকৃষ্ণ আদৱানীৰ জন্ম ১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচীত (বৰ্তমান পাকিস্তানত) হৈছিল। ২০১৫ ত তেওঁক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়।  তেওঁ বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। আদৱানীৰ ৰাজনৈতিক কেৰিয়াৰ ১৯৪২ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন কৰ্মী হিচাপে আৰম্ভ হৈছিল। ইয়াৰ পৰা তেওঁ দেশৰ উপ-প্ৰধানমন্ত্ৰীলৈ যাত্ৰা কৰে।

আনহাতে,প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এক পোষ্টত লিখিছে, ” এল কে আদৱানীজীক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ক’বলৈ পাই মই অত্যন্ত আনন্দিত। মই তেওঁৰ সৈতে কথা পাতিছিলো আৰু এই সন্মান প্ৰদান কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। আমাৰ সময়ৰ এজন সন্মানীয় উপ- প্ৰধানমন্ত্ৰী, ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান অবিস্মৰণীয়। তেওঁৰ জীৱন তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা আৰম্ভ কৰি আমাৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰালৈকে আৰম্ভ হয়। তেওঁ আমাৰ গৃহ মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও নিজৰ বাবে এক প্ৰভাৱ পেলাইছিল। তেওঁৰ সংসদীয় অভিজ্ঞতা সদায়ে অনুকৰণীয় আৰু সমৃদ্ধ অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ।”

Exit mobile version