যুদ্ধবিধ্বস্ত ইউক্রেইনৰ ১১খন চহৰৰ মেয়ৰক অপহৰণ কৰিছে ৰুছ সেনাই । এই দাবী ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী ইৰিনা ভেৰেছ’ছুকৰ । এইসমূহৰ ভিতৰত আছে কিয়েভ, খাৰখিভ, খেৰছন, জাপ’ৰিঝিয়া, মিক’লিয়েভ আৰু ডানিয়াস্ক । এই চহৰসমূহৰ মেয়ৰক অপহৰণ কৰা বুলি তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ’ প’ষ্ট কৰিছে ।
তাত তেওঁ কয়, ‘আন্তৰ্জাতিক ৰেডক্ৰ’ছ কমিটীক মই বিষয়টো জনাইছো, সাধাৰণ মানুহৰ দৰে চহৰৰ মেয়ৰসকলো অন্তৰ্ধান হ’বলৈ ধৰিছে । এওঁলোকক ওভতাই আনিবলৈ তেওঁ আবেদন জনায় । তদুপৰি তেওঁ দাবী কৰে যে কিয়েভৰ পশ্চিমৰ মতিজিন চহৰৰ মুৰব্বী উলগা ছুখেনকো আৰু তেওঁৰ স্বামীক ৰুছ সেনাই হত্যা কৰিছে ।
উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ আজি ৪০ দিন । ৰাছিয়াই দাবী কৰা মতে, উডেছাৰ তেল শোধনাগাৰ তেওঁলোকে দখল কৰিছে । তদুপৰি ৰাছিয়াৰ উত্তৰ-পূব দিশত ইউক্ৰেইনে ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে । বোমা-বাৰুদৰ সমান্তৰালভাৱে চাইবাৰ যুঁজো চলাইছে ।
তথ্য অনুসৰি ৰাছিয়াই ইউক্ৰেইনৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ মদতপুষ্ট চাইবাৰ দানৱক যুদ্ধ আক্ৰান্ত দেশৰ প্ৰশাসনিক ব্যৱস্থাত মষিমূৰ কৰাৰ ব্যৱস্থা কৰিছে । অৱশ্যে হাত সাৱটি বহি থকা নাই ইউক্ৰেইন । ইউক্ৰেইনৰ চাইবাৰ বিশেষজ্ঞই ওলোটাই আক্ৰমণ কৰিছে ৰাছিয়াৰ বিভিন্ন চৰকাৰী ৱেবছাইটত ।