Interrogation of Manash Chaliha at Dispur Police Station:আলিপুৰদুৱাৰৰ পৰা নিশা গুৱাহাটীলৈ অনা হ’ল মহাপ্ৰৱঞ্চক মানস চলিহাক

দিছপুৰ থানাত মাৰাথন জেৰা মানসক, বহুকেইটা প্রবঞ্চনাৰ গোচৰত অভিযুক্ত, 'অর্গেনিক মাজুলী' নামেৰে আঁচনি খুলি লুটিছিল বহুজনক

chaliha

Interrogation of Manash Chaliha at Dispur Police Station:

গুৱাহাটীলৈ অনা হ’ল বহুবিতৰ্কিত মহাপ্ৰৱঞ্চক মানস চলিহাক। পশ্চিমবংগ আৰক্ষীয়ে অসম আৰক্ষীৰ অনুৰোধক্ৰমে আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইতিমধ্যে অসম আৰক্ষীয়ে আদালতৰ জৰিয়তে জিন্মাত লৈ দেওবাৰে আবেলি ভাগত কোকৰাঝাৰ থানাত উপস্থিত হয় ৷

আনহাতে নিশাই কোকৰাঝাৰ থানাৰ পৰা মানস চলিহাক দিছপুৰ আৰক্ষী থানালৈ লৈ অহা হয় । দিছপুৰ থানাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে মহাপ্ৰবন্ধকটোক ৷

উল্লেখ্য যে আলফা (স্বাধীন)ৰ সদস্য মানস বৰগোঁহাইৰ এটা ভিডিঅ’ত মানস চলিহাৰ বহু কু-কীৰ্তি ফাদিল হৈছিল ৷ আৰক্ষীৰ চোৰাংচোৱা হিচাপে আলফা শিৱিৰলৈ পঠিওৱা বুলি বহু বিস্ফোৰক অভিযোগ চলিহাৰ বিৰুদ্ধে আনিছিল সদস্য মানস বৰগোঁহায়ে ৷

অৱশ্যে মানস বৰগোঁহাইৰ সকলো অভিযোগ একেমুখে নাকচ কৰি অখ্যাত স্থানৰ পৰা ভিডিঅ’যোগে ছ’চিয়েল মেডিয়াত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছিল ৷

ইয়াৰ পিছতে মানস চলিহাৰ বিৰুদ্ধে খড়গগ্ৰস্ত হৈ পৰে পৰেশ বৰুৱা ৷ শীৰ্ঘেই আলফাই আটক কৰি কঠোৰ শাস্তি বিহিব ৷ অন্যহাতে চৰকাৰলৈ পৰেশ বৰুৱাই আহ্বান প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰক ৷

পৰেশ বৰুৱাৰ হুংকাৰৰ মাজতে মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছিল ইটোৰ পিছত সিটোকে বিভিন্ন প্ৰৱঞ্চনাৰ অভিযোগ। মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে লোৱাৰ আছে অভিযোগ। ব্যৱসায়ীজনে ইতিপূৰ্বেই দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ।

একেদৰে ‘অর্গেনিক মাজুলী’ নামেৰে আঁচনি খুলি লুটিছিল বহুজনৰ পৰা ৷ আনহাতে চাকৰি দিয়াৰ নামত একাধিক গোচৰ ৰুজু হৈ আছে মানস চলিহাৰ বিৰুদ্ধে ৷ এই গোচৰৰৰ ভিত্তিতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানস চলিহাক।

মনকৰিবলগীয়া যে,মহাপ্ৰৱঞ্চকটোৰ বিৰুদ্ধে ২০২২ চনতে গোচৰ ৰুজু হৈছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ৷

কিন্ত শেহতীয়াকৈ আলফা স্বাধীনৰ সদস্য হিচাপে থাকি গুপ্তচৰৰ অভিযোগত ইতিমধ্যে আলফা শিৱিৰত লকআপত থকা মানস বৰগোঁহাইয়ে মানস চলিহাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ অনাৰ পাছত সষ্টম হৈ পৰে অসম আৰক্ষী ৷ শনিবাৰে চুবুৰীয়া পশ্চিমবংগৰ আলিপুৰদ্বাৰৰ পৰা চুবুৰীয়া ৰাজ্য খনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক চমজাই দিয়ে ৷

মহাপ্ৰৱঞ্চকটোৰ বিৰুদ্ধে ২০২২ চনতে ৰজু হোৱা গোচৰৰ পাছতে আটক নকৰি শেহতীয়াকৈ হঠাতে অসম আৰক্ষী সক্ৰিয় হৈ পৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Exit mobile version