State Bjp Pressmeet:নীতিহীন, ভ্রষ্টাচাৰী কংগ্ৰেছীৰ মুখত প্রধানমন্ত্রী বিশ্বনেতা নৰেন্দ্ৰ মোদীৰ সমালোচনা শোভা নাপায়

হতাশগ্রস্ত কংগ্ৰেছৰ মিথ্যাচাৰেই একমাত্র অস্ত্র, বিজেপি অসম প্রদেশ

manoj

State Bjp Pressmeet:

দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক বিকাশৰ বাবে দায়বদ্ধ আৰু প্রতিশ্রুতিবদ্ধ। বিগত চাবে নটা বছৰত অসমৰ সামগ্রিক বিকাশৰ বাবে নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে সর্বাধিক পুঁজি আৱণ্টিত কৰি আন্তঃগাঁথনি নির্মাণৰ যোগেদি উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই নিবলৈ সক্ষম হৈছে ।

এনে স্থলত চৰম হতাশগ্রস্ত, গণবিচ্ছিন্ন অসম প্রদেশ কংগ্রেছৰ নেতৃত্বই উত্থাপন কৰা অভিযোগ চূড়ান্ত অপ ব্যাখ্যা, মনেসজা- ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যেপ্রণোদিত। চূড়ান্ত ভ্রষ্টাচাৰেৰে লুণ্ঠনৰ অভিলেখ গঢ়া নেতাৰ মুখত নৰেন্দ্র মোদীৰ সমালোচনা শোভা নাপায়।

আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন “ত এক সংবাদ মেল সম্বোধন কৰি দলৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই প্রদেশ কংগ্রেছক উভতি ধৰি কয়, ৬ দশকৰো অধিক কাল শাসনত থকা কংগ্রেছ দলে সমগ্র দেশৰ জনসাধাৰণক প্ৰৱঞ্চনা আৰু প্ৰতৰণা কৰিলে। সেই কংগ্ৰেছ দলৰ নেতৃত্বৰ মুখত এতিয়া প্রৱঞ্চনা আৰু প্ৰতৰণা শব্দটো উচ্চাৰিত হ’লে জনসাধাৰণে কোনো কাৰণতে গ্রহণ নকৰে।

মুখ্য মুখপাত্র গৰাকীয়ে লগতে কয়, ২০১৪ চনত কংগ্রেছৰ দিনত বাজেট আছিল ১২ লাখ কোটি টকা। শেহতীয়াকৈ নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বাজেটৰ পৰিমাণ হৈছে ৪৪ লাখ কোটি টকা। দুয়োখন চৰকাৰৰ বাজেটৰ মাজত আকাশ-পাতাল পার্থক্য আছে।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত সংঘাত জৰ্জৰ অসম তথা উত্তৰ-পূর্বাঞ্চলত শান্তি প্রতিষ্ঠা সম্ভব হ’ল বুলি উল্লেখ কৰি মুখ্য মুখপাত্র গৰাকীয়ে কয়, ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে হিংসাত্মক কার্য সংঘটিত হৈছিল ১১,১২১ টা। ২০১৪ চনৰ পৰা ২০২৩ চনলৈ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শাসনকালত ইয়াৰ সংখ্যা হ্রাস পাই ৩১১৪ টা হৈছে।

নৰেন্দ্র মোদীৰ নেতৃত্বত শান্তি প্রক্রিয়া অব্যাহত থকাৰ ফলশ্রুতিত সম্প্রতি সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৭৫ শতাংশ অঞ্চলেই মুক্ত। তেখেতে কয়, কংগ্ৰেছ চৰকাৰ ছয় দশকৰো অধিক শাসনকাল প্ৰৱঞ্চনাৰ ইতিহাসেৰে সমৃদ্ধ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্র দেশত আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্র বাজ্যতে প্রকৃতার্থত উন্নয়ন হৈছে।

সেয়ে কংগ্ৰেছ দলৰ নেতা সকল এতিয়া শংকিত হৈছে। শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্ৰমণৰ প্ৰতি জনসাধাণে স্বতঃস্ফূত সহাঁৰি প্ৰদান কৰা দেখি কংগ্ৰেছ দলৰ লগতে তথাকথিত ইণ্ডি এলায়েন্স যে কোনো কাৰণতে জনতাৰ সমর্থন লাভ নকৰে সেয়া নিশ্চিত হৈছে। অসমৰ জনসাধাৰণ দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদী সহ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে।

ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র কল্যান গগৈয়ে আঁত ধৰা সংবাদমেলখনত বক্তব্য ৰাখি দলৰ অন্যতম মুখপাত্র সুভাষ দত্তই প্রদেশ কংগ্রেছৰ নেতা তথা বিধায়ক ভৰত নৰহক কটাক্ষ কৰি কয়, ভৰত নৰহে আজিকালি ঢকুৱাখনালৈ যাবলৈ লাজ কৰে। যি মাতমৰাত বালিৰ মথাউৰি বান্ধি প্রত্যেক বছৰে ৰাজকোষৰ ধন লুণ্ঠন কৰি অহা ভৰত নৰহে এতিয়া এবাৰ গৈ মাতমৰা মথাউৰিটো এবাৰ চালেই নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ উন্নয়নৰ নমুনা উপলব্ধি কৰিব পাৰিব।

ঢকুৱাখানাৰ চাৰিআলিৰ পৰা ডিব্ৰুগড়লৈকে এক ঘণ্টাত পাব পৰাকৈ সেই একেটা মথাউৰিৰ ওপৰৰে বগীবিল হৈ সুন্দৰ পথ নির্মাণ কৰা হৈছে। লুণ্ঠনকাৰীৰ মুখত নীতি-বাক্য শোভা নাপায় বুলি উল্লেখ কৰি মুখপাত্র সুভাষ দত্তই লগতে কয়, ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে কংগ্রেছী সকলে অসমৰ পৰা নির্বাচিত কৰি পঠিওৱা ৬০ মনমোহন সিং দেশৰ প্রধানমন্ত্রী আছিল।

সেইখন ইউ পি এ চৰকাৰৰ দিনত ত্রয়োদশ বিত্তীয় আয়োগৰ যোগেদি অসমলৈ ধনৰ অবণ্টন দিছিল মাত্র ৫৮ হাজাৰ কোটি টকা। কিন্তু নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে চতুর্দশ বিত্তীয় আয়োগৰ যোগেদি অসমলৈ মোকলাই দিলে ১ লাখ ৫৫ হাজাৰ কোটি টকা। ন্যায় যাত্রা কৰা কংগ্রেছে ইউ পি এ চৰকাৰৰ আমোলত অসমৰ ভূ-গর্ভত সঞ্চিত হৈ থকা মূল্যবান প্রাকৃতিক সম্পদ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ বাবদ পাব লগা ৰয়েন্টি আৰু চেচৰ ধন বন্ধ কৰি অসমক চূড়ান্তভাবে অন্যায় আৰু বঞ্চনা কৰিছিল।

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খাৰুৱা তেলৰ ৰয়েল্টি ধন ৭,৭৭০ কোটি টকা মুকলি কৰি দিছিল। মুখপাত্রজনে লগতে কয়, দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ ৰাইজৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই অসমৰ ৰাইজে আন্দোলন নকৰাকৈয়ে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্রিক ট’নৰ পৰা ন মিলিয়ন মেট্রিক ট’নলৈ বৃদ্ধি কৰাৰ লগতে নুমলীগড়ত এটা বায় ৰিফাইনেৰী নিৰ্মাণৰ কাম আৰম্ভ কৰিলে।

কংগ্রেছৰ বঞ্চনাৰ বিপৰীতে ভাৰতীয় জনতা পার্টিৰ চৰকাৰে অসমৰ উন্নয়নৰ বাবে বিগত চাৰে ন বছৰত বিভিন্ন আঁচনি আৰু প্রকল্পৰ বিপৰীতে চাৰি লাখ সত্তৰ হাজাৰ কোটি টকা মুকলি কৰি দিছে বুলি উল্লেখ কৰি মুখপাত্র সুভাষ দত্তই কয়, দেশৰ প্রধানমন্ত্রীৰ আৰ্শীবাদ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সুস্থিৰ তথা সুদক্ষ বিত্তীয় ব্যৱস্থাপনাৰ বাবেই কংগ্রেছৰ আমোলত অসমত অতি দৰিদ্ৰতাৰ কবলত থকা ৩৬শতাংশ লোকৰ ২২.৫ শতাংশ লোকেই দৰিদ্র মুক্ত হৈ উন্নত জীবনধাৰণ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে।

অসম মুখ্যমন্ত্রীৰ বলিষ্ঠ নেতৃত্বত অসমত ২৩ খন মেডিকেল কলেজ, ৬ খন ইঞ্জিনিয়াৰিং কলেজ, ৬ খন আদর্শ মহিলা মহাবিদ্যালয়, ২৭ খন পলিটেকনিক, চাংচাৰিত এইমছ, মঙলদৈ স্কীল বিশ্ববিদ্যালয়, ৩০০ খন মডেল হাস্পাতাল, ৬০০ খন প্রাথমিক স্বাস্থ্য কেন্দ্র, চাহ বাগিচাত ২০০ খন উচ্চ মাধ্যমিক বিদ্যালয় নির্মাণৰ লগতে ৰাজ্যখনৰ ৩২ হাজাৰ কিলোমিটাৰ পথ পকীকৰণ আৰু ২০০০ খন কাঠৰ দলং পকীকৰণ কৰি ৰাইজৰ সেৱাৰ্থে মুকলি কৰি দিয়া হৈছে।

সেয়েহে কংগ্ৰেছৰ বক্তব্য মনেসজা, ভিত্তিহীন, বাজনৈতিক উদ্দেশ্যেপ্রণোদিত আৰু সত্যৰ চূড়ান্ত অপলাপ বুলি উল্লেখ কৰি ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্র কৰি থকাতকৈ গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিবলৈ কংগ্রেছৰ নেতৃত্বৰ প্রতি সংবাদ মেলখনত আহ্বান জনায়।

Exit mobile version