CAA Comes Into Force Ahead of Lok Sabha Elections:লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ কা’

শীৰ্ঘেই জাৰি হ'ব অধিসূচনা , লোকসভাত উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে

amitshah

CAA Comes Into Force Ahead of Lok Sabha Elections:

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা‘ ৷ আজি লোকসভাত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
শ্বাহে  কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা’ কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰি কাৰ্যকৰী কৰা হ’ব।

সদনত তেওঁ কয়,কা’সন্দৰ্ভত কংগ্ৰেছে পূৰ্বতে প্ৰস্তাৱ লৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক কাৰ্যকৰী নকৰি এতিয়া বিৰোধিতা কৰি দলটোৱে নিজৰ নগ্নৰূপটো পুনৰ এবাৰ উন্মোচিত কৰিলে ৷ কংগ্ৰেছে সময়ে সময়ে কা’ ক লৈ সংখ্যালঘু মুছলমানক উচতনি দি আহিছে বুলি অভিযোগ কৰে শ্বাহে ৷

আনহাতে,গৃহমন্ত্ৰীয়ে সদনত কা’ সন্দৰ্ভত স্পষ্ট কৰি কয় যে কা’-এ কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি নিনিয়ে। ইয়াৰ উদ্দেশ্য হৈছে ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা পাকিস্তানী, আফগান আৰু বাংলাদেশী সংখ্যালঘুসকলকহে নাগৰিকত্ব দিয়া।”

এনে প্ৰেক্ষাপটত পাকিস্তান ,বাংলাদেশ আৰু আফগানিস্থানত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা সংখ্যালঘু হিন্দু,শিখ,জৈন সকলক ভাৰতৰ নাগৰিকত্ব দিয়া হ’ব বুলি সদনত সদৰি কৰে গৃহমন্ত্ৰীয়ে ৷

Exit mobile version