Special Campaign Vehicles Were Brought From Gujarat:প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰাভিযানৰ বাবে গুজৰাটৰ পৰা অনা হ’ল বিশেষ প্ৰচাৰ বাহন

vehicle 1

Special Campaign Vehicles Were Brought From Gujarat:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপি দলে ব্যাপক নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছে ৷

নিৰ্বাচনী তৎপৰতাৰ অংশৰূপে অসম প্ৰদেশ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰাভিযানৰ বাবে গুজৰাটত বিশেষভাৱে নিৰ্মিত অত্যাধুনিক প্ৰচাৰ বাহন আনিছে ৷

ইতিমধ্যে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱন পালেহি বিশেষভাৱে নিৰ্মিত প্ৰধানমন্ত্ৰী ফটো সংলগ্ন বাহন ৷

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিলে প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব গুজৰাটৰ পৰা অনা বিশেষ প্ৰচাৰ বাহনখন ৷

Exit mobile version