30-Minute HSLC Examination Question Paper Was Leaked In Cachar:মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে অঘটন !

পৰীক্ষা আৰম্ভনিৰ ৩০মিনিটৰ ভিতৰত কাছাৰত ফাদিল ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত

banskandi nenamia h s school

30-Minute HSLC Examination Question Paper Was Leaked In Cachar:

আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনটোতে পুনৰ সংঘটিত হ’ল অঘটন ৷

ছেবাই কে’বাটাও নতুন নিয়ম সংযোজনৰে কটকটীয়া নিৰাপত্তাৰে আৰম্ভ কৰা পৰীক্ষাৰ মাজতে কাছাৰত পৰীক্ষা আৰম্ভৰ মাত্ৰ ত্ৰিশ মিনিট সম্পূৰ্ণ নৌহওঁতেই ফাদিল হ’ল প্ৰশ্নকাকত।

ইতিমধ্যে ইংৰাজী বিষয়ৰ ফাদিল প্ৰশ্নকাকত খন ছ’ছিয়েল মিডিয়াত ব্যাপক ভাইৰেল হোৱাৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি,কাছাৰৰ বাশকান্দি নেনা মিয়া উ:মা: পৰীক্ষা কেন্দ্ৰৰ পৰা ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত খন কেন্দ্ৰটোত নিয়োজিত শিক্ষক হায়দৰ হুছেইন মজুমদাৰৰ দ্বাৰাই ফাদিলৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷

উল্লেখ্য যে,ছেবাই এইবাৰ অএম আৰ শ্বীট সহ কেতবোৰ নতুন নিয়ম সংযোজিত কৰি নিকাভাৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিল যদিও মুৰকত গৈ ছেবাৰ এই প্ৰচেষ্টা অৰ্থহীন হৈ পৰে। পুনৰ যেন বিৰ্তকৰ মাজত ছেবা ৷

স্মতৰ্ৱ্য যে,আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা অন্ত পৰিব অহা ১৬ মাৰ্চত । ৰাজ্যৰ মুঠ ৯১৩টা কেন্দ্ৰত আয়োজিত মেট্ৰিক পৰীক্ষাত মুঠ ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷

উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাত এইবাৰ ছেবাই কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম সংযোজন কৰিছে ৷ সেই অনুসৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিট(OMR Sheet)ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

সৰ্বমুঠ ৪ টাকৈ বিষয় ক্ৰমে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিটতে উত্তৰ দিব লাগিব ৷ উল্লিখিত চাৰিটাকৈ বিষয়ত ৪৫টা ১নম্বৰৰ প্ৰশ্ন থাকিব আৰু সুকীয়া এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে ৪৫ নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব।

এই নতুন নিয়ম অনুসৰি গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত ৯০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ ৪৫ নম্বৰকৈ দুখনকৈ সুকীয়া শ্বীটত উত্তৰ সমূহ লিখিব লাগিব পৰীক্ষাৰ্থীয়ে ।
আনহাতে,প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ মন্তব্য তেওঁ এই সন্দৰ্ভত অৱগত নহয় ৷

Exit mobile version