BJP National Council Meeting Starts in New Delhi:আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ ভাৰত মণ্ডপনত

আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা

bjp 1

BJP National Council Meeting Starts in New Delhi:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত ব্যাপক নিৰ্বাচনী ৰণনীতি যুগুত কৰাৰ লগতে আন কেতবোৰ সিদ্ধান্তৰ উদ্দেশ্যৰে আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা।

ইতিমধ্যে এই কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যৰে দেশৰ বিজেপি শাসিত মুখ্যমন্ত্ৰী,উপ- মুখ্যমন্ত্ৰী উপস্থিত হৈছে নতুন দিল্লীত

আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যক বিজেপিৰ সভাপতি ভৱেশ কলিতা,সাংসদ,কে’বাজনো মন্ত্ৰী,বিধায়ক,জিলা সভাপতি,পৌৰসভা – পৌৰনিগম মেয়ৰ- পৌৰপতি সহ প্ৰায় পাঁচশ প্ৰতিনিধি দিল্লীত উপস্থিত হৈছেগৈ ৷

উল্লেখ্য য়ে, দেশৰ মুঠ ১১,৫০০ গৰাকী প্রতিনিধি উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত।

দেওবাৰে সামৰণি অভিৱৰ্তনৰ মুল সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সভাপতি জে পি নাড্ডা।

মনকৰিবলগীয়া যে, বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল ২০১৪ আৰু ২০১৯ ৷

Exit mobile version