Accident Occurred At The Flyover Under Construction In Kampur Town Of Nagaon:নগাঁৱৰ কামপুৰ চহৰৰ নিৰ্মিয়মান উৰনীয়া সেতুত অঘটন

শ্ৰমিকৰ কৰুণ মৃত্যু

kampur 1

Accident Occurred At The Flyover Under Construction In Kampur Town Of Nagaon:

নগাঁৱৰ কামপুৰত নিৰ্মাণধীন উৰনীয়া সেঁতুত পুৱাই সংঘটিত হয় এক অঘটন ৷ নিৰ্মিয়মান উৰনীয়া সেতুত কৰ্মৰত হৈ থকা এজন বহি:ৰাজ্যৰ শ্ৰমিক দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাবটি লয় ৷ দলঙ খনত কাম কৰিবলৈ ওপৰলৈ উঠাৰ সময়তে হঠাতে তললৈ খহি পৰি থিতাতে মৃত্যু শ্ৰমিক জনৰ ৷

উল্লেখ্য যে, সেতু খনৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ চৰম গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

উদ্থাপিত অভিযোগ অনুসৰি ওপৰৰ প্লেটত ৱল্ডিং নকৰাৰ বাবেই এই কৰুণ ঘটনাটো সংঘটিত হয় ৷ নিহত শ্ৰমিক জনৰ ঘৰ পশ্চিমবংগৰ মালদাত ৷ মৃত শ্ৰমিকজন নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

আনহাতে,এই ঘটনাৰ বিষয়ে জানিব পাৰি ইতিমধ্যে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈছিল যদিও মৃতদেহ দেখা নাপালে ।

প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে মৃতদেহ লৈ উধাও হয় কৰ্মৰত শ্ৰমিক সকল ৷

Exit mobile version