Eight Heroin Smugglers Arrested in Guwahati:মহানগৰীত মণিপুৰৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা সহ আঠজনক গ্ৰেপ্তাৰ

ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড গৃহৰক্ষী জোৱানক আটক, জব্দ ২৭ পেকেট নিষিদ্ধ হেৰ'ইন

drugs 2

Eight Heroin Smugglers Arrested in Guwahati:

সৰিয়হ তলিতে ভুত ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছে থানাত নিয়োজিত এজন খাকী পোচাকধাৰী গৃহৰক্ষী জোৱানৰ ক্ষেত্ৰত ৷ পেছাগত হিচাপে যদিও চৰকাৰী দৰ্মহা ভোগী ৷ এওঁৰ আকৌ আছে এটা ৰমৰমীয়া ব্যৱসায় ৷ ব্যৱসায়টো হৈছে ড্ৰাগছ সৰবৰাহ

মহানগৰীৰ দুখনকৈ থানাত নিয়োজিত আছিল খাকী পোছাকধাৰী গৃহৰক্ষী জোৱানজন ৷ নাম নিজামউদ্দিন ৷ ঘৰ বঙাইগাঁৱত ৷ পূৰ্বে আৰক্ষীৰ জালত পৰি চাকৰিৰ পৰা বৰ্খাস্ত হোৱা নামকটা চিপাহী নিজামউদ্দিন কিন্ত চৰিত্ৰ সলনি নহ’ল ৷সংগোপনে অব্যাহত ৰাখিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা

মঙলবাৰে নিশা মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি হাতীগাওঁ- সিজুবাৰী সংযোগী পথত নিজামুদ্দিনক ৱাৰ্গেনাৰ বাহনৰ পৰা দুই যুৱক সহ গ্ৰেপ্তাৰ কৰে ৷ লগতে আৰক্ষীয়ে ৱাগেনাৰ বাহন খনৰ পৰা জব্দ কৰে সাত পেকেট নিষিদ্ধ হেৰ’ইন

আনহাতে নিশাই হাতীগাওঁ আৰু বশিষ্ট আৰক্ষীয়ে ধৃত নিজামুদ্দিন সহ আন দুই যুৱকক লগত লৈ বশিষ্টৰ ডিমাছা ভৱনৰ সমীপত থকা নিজামুদ্দিনৰ ভাড়াঘৰত অভিযান চলাই প্ৰায় ২০ পেকেট হে’ৰইন সহ সেইসময়ত ঘৰটোত থকা এহাল দম্পতী ,এজন যুৱক সহ চাৰি গৰাকী মণিপুৰী মহিলাক এখন আই টুৱেণ্টি বাহন সহ আটক কৰে ৷

উল্লেখ্য যে, আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ মাৰাথন জেৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে ৷নিজামুদ্দিনে মণিপুৰৰ এটা ড্ৰাগছ ব্যৱসায়ৰ কুখ্যাত চক্ৰ এটাৰ স’তে মিলি মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি তুলিছিল গোপন বেহা ৷ গুৱাহাটীত ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰত পৰিণত কৰিছিল নাম কটা চিপাহী ৰূপি নিজামুদ্দিনে ৷

ইপিনে ,নিজামুদ্দিন সহ আন চাৰি ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তি ভিত্তিতআৰক্ষীয়ে যোৱা নিশা অভিযান চলাই চাৰি মণিপুৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলা কেইগৰাকীয়ে মণিপুৰৰ পৰা বিমানযোগে আহি গুৱাহাটী ড্ৰাগছ সৰবৰাহৰ বাবে বাহৰ পাতি আছিল ডিমাছা ভৱনৰ নিজামুদ্দিনৰ উল্লিখিত ভাড়া ঘৰটোত ৷

Exit mobile version