Aap Asamato kejriyal:গুৱাহাটী লোকসভা সমষ্টিত কাইলৈৰ পৰা আৰম্ভ হ’ব ‘অসমতো কেজৰিৱাল’ অভিযানৰ

ঘোষণা কৰিলে আপৰ প্ৰাৰ্থী তথা ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, অৰবিন্দ কেজৰিৱালৰ পত্ৰ সম্বলিত প্ৰচাৰ-পত্রিকাও উন্মোচন

aaap assam

Aap Asamato kejriyal:

সমগ্র দেশে বিজেপিৰ বিকল্পৰ সন্ধানত থকাৰ সময়তে আম আদমি পার্টীয়ে ইণ্ডিয়া এলায়েন্সৰ হৈ অসমৰ তিনিখন লোকসভা আসনত প্রতিদ্বন্দ্বিতা আগ বঢ়াবলৈ সাজু হৈছে। দলটোৱে ইতিমধ্যে নির্বাচনকেন্দ্রিক প্ৰচাৰ আৰম্ভ কৰি জনতাৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

নির্বাচনী প্ৰচাৰৰ লগত সংগতি ৰাখি আপে অসমত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিটা সমষ্টিত ‘অসমতো কেজৰিৱাল‘ শীর্ষক এক অভিযান আৰম্ভ কৰিব। কাইলৈৰ পৰা ১০ দিন চলিবলগীয়া এই অভিযানৰ বিষয়ে সদৰি কৰি আপ অসমৰ সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ডা: ভবেন চৌধুৰীয়ে কয় যে ৭০০০ জনীয়া এটা স্বেচ্ছাসেৱকৰ দলে সমষ্টিটোৰ প্ৰতিটো বার্ড আৰু চুবুৰীলৈ গৈ জনসভাৰ আয়োজন কৰিব। কাইলৈ এই অভিযানৰ শুভাৰম্ভ মহানগৰৰ বেলতলাস্থিত বশিষ্ঠ চাৰিআলি শিশু উদ্যানত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ অসমবাসীলৈ প্ৰেৰণ কৰা পত্র সম্বলিত এখন প্ৰচাৰ-পত্রিকাও আজি ডা: চৌধুৰীয়ে উন্মোচন কৰে।

দেশৰ বৃহৎ বৃহৎ দুর্নীতিত লুতুৰিপুতুৰি হৈ থকা ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাক ৰঙা দলিচা পাৰি দিয়া বিজেপিৰ পৰা যে দেশৰ উন্নতি নহয়, সেই কথা জনতাই বুজি পাই বিকল্পৰ সন্ধানত আছে ।

ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে পণ কৰা অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পার্টীয়েই যে একমাত্র বিকল্প, জনতাই বুজি পাইছে। সেই লক্ষ্য, উদ্দেশ্য আৰু সংকল্প আগত ৰাখি আম আদমি পার্টীয়ে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে বুলি মন্তব্য কৰে আপ অসমৰ সভাপতিগৰাকীয়ে।

Exit mobile version