Mistreatment Of Asthma:হাঁপানিৰ ভুল চিকিৎসা !
হাঁপানি হ’ল এবিধ শ্বাসকষ্টজনিত বক্ষব্যাধি। বিভিন্ন সমস্যাৰ কাৰণে মানুহ এই ৰোগত আক্রান্ত হ’ব পাৰে। কিছু বছৰৰ আগলৈকে হাঁপানিৰ কাৰণ সন্দর্ভত চিকিৎসা বিজ্ঞানত যি ধাৰণা আছিল, সেই ধাৰণা আজি নাই, ইয়াৰ ব্যাপক পৰিবর্তন ঘটিছে। অর্থাৎ আজিকালি অনেক বৈজ্ঞানিক তত্ব তথা তথ্যসমৃদ্ধ হৈহে বক্ষব্যাধি বিশেষজ্ঞই হাঁপানিৰ চিকিৎসা আৰম্ভ কৰে । বিশ্বজুৰি হাঁপানি ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে।
মধুমেহ নিয়ন্ত্রণতকৈ কেতিয়াবা হাঁপানি নিয়ন্ত্রণত অধিক কঠিন হৈ পৰে । কাৰণ মধুমেহ নিয়ন্ত্রণ খাদ্য নিয়ন্ত্রণ আৰু ৰোগীৰ ইচ্ছাশক্তিৰ ওপৰত বেছিকৈ নিৰ্ভব কৰে। কিন্তু হাঁপানি নিয়ন্ত্ৰণৰ ভিত্তি হ’ল ঠাণ্ডা, ধূলি-বালি, ভাইৰাছ বা পৰিৱেশৰ নিয়ন্ত্রণ; যাৰ বেছি ভাগৰ ওপৰতে ৰোগীৰ কোনো হাত নাথাকে।
বর্ষাকালত সমগ্র দেশতে হাঁপানিৰ ৰোগীয়ে কম-বেছি পৰিমাণে সংকটৰ সম্মুখীন হয়। বিশ্বত যি সময়ত হৃদৰোগ, উচ্চ ৰক্তচাপ, কৰ্কটৰ দৰে মাৰাত্মক ব্যাধিত আক্রান্ত ৰোগীৰো মৃত্যুৰ হাৰ কমিবলৈ ধৰিছে; তেনে অৱস্থাত পৰিৱেশ প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত হাঁপানি ৰোগৰো প্রকোপ বাঢ়িবলৈ আৰম্ভ কৰিছে। বাঢ়িছে মৃত্যুৰ হাৰো। পৰিকল্পনাহীন আৰু অবৈজ্ঞানিক দৃষ্টিভংগীৰ কাৰণে প্ৰচুৰ সংখ্যক হাঁপানি ৰোগীৰ অৱস্থা গুৰুতৰ হ’বলৈ ধৰে বা মৃত্যুপথৰ যাত্রীও হৈ পৰে।
আমাৰ দেশৰ অনুগ্ৰসৰ অঞ্চলবোৰত এতিয়াও বেজালিৰ জৰিয়তে হাঁপানি ৰোগ ভাল কৰিবলৈ চেষ্টা কৰা দেখা যায়। হাঁপানি ৰোগক কেন্দ্র কৰি অন্ধবিশ্বাসো প্রচলিত হৈ আছে।
মনত ৰাখিব লাগিব যে হাঁপানি হ’ল এবিধ দীর্ঘম্যাদী ৰোগ। শ্বাস-প্রশ্বাসত কষ্ট হোৱাৰ তিনিটা কাৰণ আছে। শ্বাসনলী সংকুচিত হোৱা, মিউকাছ জাতীয় আঠাযুক্ত ৰস নির্গত হোৱা আৰু প্ৰদাহৰ ফলত শ্বাসনলীৰ মিউকাছ আবৰণী ফুলি উঠা। প্রদাহবিৰোধী ঔষধে পোনপটীয়াকৈ শ্বাসনলীৰ অভ্যন্তৰৰ ফুলি উঠা কার্য হ্রাস কৰিব আৰু ইয়াৰ লগে লগে মিউকাছ জাতীয় ৰস সৃষ্টিও কমিব লগতে শ্বাসনলী প্রসাৰক ঔষধৰ কার্যকাৰিতাও বৃদ্ধি কৰিব।
এই প্রদাহবিৰোধী ঔষধবোৰে শ্বাসনলীৰ সংবেদনশীলতা হ্রাস কৰে আৰু তাৰ ফলত হাঁপানিৰ প্রকোপ কমিবলৈ ধৰে। বিক্রোমেথাছ’ন বা ষ্টেৰয়ড ইনহেলাৰক আজিকালি হাঁপানিৰ প্রতিষেধক হিচাপে গণ্য কৰা হয়। এই ঔষধে পোনপটীয়াকৈ শ্বাসনলীৰ প্ৰসাৰণ নঘটায়, সেয়ে হয়তো তাৎক্ষণিকভাবে উপকাৰ পোৱা নাযায়। কিন্তু দীর্ঘদিনলৈ ব্যৱহাৰ কৰিলে শ্বাসনলীত প্রদাহ হ’ব নোৱাৰে।