Prime Minister Chairs The BJP CEC Meeting:লোকসভা নিৰ্বাচনৰ বাবে আজি দিল্লীত বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা

দেশৰ ৭৬ প্ৰাৰ্থী সহ অসমৰ পাঁচ প্ৰাৰ্থীৰৰ নাম ঘোষণাৰ সম্ভাৱনা, প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিজেপিৰ চিইচিৰ সভা

pm modi

Prime Minister Chairs The BJP CEC Meeting:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰ মাহ থকা অৱস্থাত শাসকীয় বিজেপি দল তৎপৰ হৈ পৰিছে ৷ তৃতীয়বাৰৰ বাবে দিল্লীৰ মনছদ দখলৰে হেডট্ৰীক কৰিবৰ বাবে ব্যাপক নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে বৃহস্পতিবাৰে দিল্লীত বিজেপিয়ে প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

আজি বিয়লী চাৰি বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বচনী কমিটিৰ বৈঠক অনুষ্ঠিত হ’ব ৷ বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা,গৃহমন্ত্ৰী অমিত শ্বাহ,ৰক্ষামন্ত্ৰী ৰাজনাথ সিং সহ কমিটিৰ আটাই কেইগৰাকী সদস্য উপস্থিত থাকিব ৷

উল্লেখ্য যে, এই বৈঠকে দেশৰ ৭৬ প্ৰাৰ্থী সহ অসমৰ পাঁচ প্ৰাৰ্থীৰৰ নামত মোহৰ মৰাৰ সম্ভাৱনা আছে ৷

স্মতৰ্ৱ্য যে,অসম বিজেপিৰ নিৰ্বাচন সমিতিয়ে ৰাজ্যৰ সম্ভাৱ্য প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীত উপস্থিত হৈছে। বুধবাৰে পুৱাই একেখন বিমানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, সভাপতি ভৱেশ কলিতা দিল্লীলৈ যায় ৷ অসম বিজেপিৰ নেতৃত্ব দিল্লীত থকাৰ সময়ত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত বিৰাজ কৰে তীব্ৰ উৎকন্ঠা ৷

মুখ্যমন্ত্ৰীৰ গোপন খামত অসম বিজেপিয়ে কাৰ কাৰ নাম কঢ়িয়াই নিছে সেয়া জানিবলৈ সঘনে দিল্লীলৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যোগাযোগ ঘনিষ্ঠ কেন্দ্ৰীয় নেতাৰে ৷

মনকৰিবলগীয়া যে,বিজেপিৰ দলীয় সূত্ৰৰ মতে, ৰাজ্যিক নির্বাচনী সমিতিয়ে যুগুতাই উলিওৱা প্রতিটো সমষ্টিৰ বিপৰীতে বিজয়ৰ সম্ভাৱনা থকা দুই- তিনিজনীয়া প্রার্থী তালিকাখনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ বাবে স্থান লাভ কৰিছে বৰ্তমানৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জ্যেষ্ঠ নেত্রী বিজুলী কলিতা মেধিয়ে।

ইফালে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে অন্তর্ভুক্ত কৰা হৈছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ লগতে প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰণৱ নাৰায়ণ দেৱ আৰু প্রাক্তন সাংসদ ৰমেন ডেকাৰ নাম। সূত্ৰটোৰ মতে, বৰ্তমানৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সমষ্টিটোত পুনৰ প্রার্থিত্ব পোৱাৰ সম্ভাৱনা আছে।

আকৌ নগাঁৱত তালিকাভুক্ত কৰা হৈছে সুৰেশ বৰা আৰু অভিজিৎ নাথৰ নাম। একেদৰে নৱগঠিত কাজিৰঙাত সম্ভাব্য প্রার্থীৰূপে অন্তর্ভুক্ত কৰা হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ৰাজ্যিক বিজেপিৰ নেতা দিল্লুৰঞ্জন শৰ্মা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নাম।

একেদৰে তেজপুৰত জ্যেষ্ঠ বিধায়ক তথা প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তৰ লগতে বাতাচ ওৰাং আৰু অশোক ভট্টৰায়ৰ নাম অন্তর্ভুক্ত কৰা হৈছে। বৰ্তমানৰ সাংসদ পল্লর লোচন দাসে প্রার্থিত্ব নিবিচৰা বাবে তেওঁৰ নাম তালিকাত অন্তর্ভুক্ত কৰা হোৱা নাই। সূত্ৰটোৰ প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তক সমষ্টিটোত দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, লখিমপুৰ লোকসভা সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ প্রদান বৰুৱাৰ লগতে ফণী বৰুৱাৰ নাম তালিকাভুক্ত কৰা হৈছে যদিও বৰ্তমানৰ সাংসদজনকে পুনৰ প্রার্থিত্ব প্রদান কৰাৰ সম্ভাৱনা আছে। ইফালে, যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ উপৰি সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ নাম প্ৰক্ষেপ কৰা হৈছে। আকৌ দুই কেন্দ্রীয় মন্ত্রী ক্রমে সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক কোন সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে বাছনি কৰা হয় তাৰ দায়িত্ব কেন্দ্রীয় নেতৃত্বৰ হাততে এৰিছে ৰাজ্যিক বিজেপিয়ে।

সোণোৱালক নিজৰ পছন্দৰ সমষ্টিত প্রার্থিত্ব প্রদান কৰা হ’ব পাৰে বুলি সূত্ৰটোৱে সদৰী কৰে। ইফালে, ধুবুৰী সংসদীয় সমষ্টিৰ বাবে প্রাক্তন বিধায়কদ্বয় অশোক সিংঘী আৰু অশ্বিনী ৰায় সৰকাৰৰ নাম অন্তর্ভুক্ত কৰা হৈছে। আকৌ শিলচৰ লোকসভা সমষ্টিৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মুন স্বর্ণকাৰৰ নাম তালিকাভুক্ত কৰা হৈছে। ইফালে, কৰিমগঞ্জ সমষ্টিৰ বাবে বিজেপিৰ জিলা সমিতিৰ সভাপতি সুব্রত ৰায় আৰু বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাৰ লগতে আন এজন প্রার্থিত্ব প্রত্যাশীৰ নাম তালিকাভুক্ত কৰা হৈছে।

একেদৰে ডিফু সংসদীয় সমষ্টিৰ বাবে হৰেণ সিং বে’, অমৰ তিছ’ আৰু বিধায়ক বিদ্যাসিং ইংলেঙৰ নাম তালিকাভুক্ত কৰা হৈছে।

Exit mobile version